জুনৰ প্ৰথম সপ্তাহতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

dainik janambhumi May 21, 2026

ডিজিটেল ডেস্ক : এইবাৰৰ নিৰ্বাচনত সমুখৰ পৰা নেতৃত্ব দি অভিলেখ সংখ্যক আসন জয়েৰে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা ড° হিমন্ত বিশ্ব শর্মাই মন্ত্রীসভাখন কেতিয়াকৈ সম্প্ৰসাৰণ কৰিব? ইয়াকে লৈ চৰ্চা চলি থকাৰ সময়তে কালি নতুন দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই অহা জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব বুলি স্পষ্ট কৰি দিয়ে। 

তেওঁ কয়- 'এতিয়া আমাৰ প্রথম কাম হৈছে বিধানসভাৰ অধিৱেশন। কাইলৈ অধ্যক্ষ নির্বাচিত হ'ব। এই অধিৱেশনতে আমি ইউ চি চি বিধেয়কখন গৃহীত কৰিম। মই মুখ্যমন্ত্রী হৈ আহিলে প্রথমখন অধিবেশনতে এই বিধেয়কখন গৃহীত কৰিম বুলি প্রতিশ্রুতি দিছিলোঁ, সেই মতে এতিয়া প্রথমে বিধেয়কখন গৃহীত কৰি লওঁ। তাৰ পাছত লাহে মন্ত্রীসভাৰ সম্প্ৰসাৰণ হব।' উল্লেখযোগ্য যে মুখ্যমন্ত্রী সৈতে ইতিমধ্যে চাৰিজন বিধায়কে মন্ত্রী হিচাপে শপত লৈছে। ১২ মে'ত শপত লোৱা মন্ত্ৰীসকলৰ অতুল বৰা চুতীয়া জনগোষ্ঠীৰ হোৱাৰ লগতে চাহ জনগোষ্ঠীৰ প্রতিনিধি হিচাপে অন্তর্ভুক্ত হৈছে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। ইফালে বড়ো জনজাতিৰ প্ৰতিনিধি হিচাপে মন্ত্রীসভাত অন্তর্ভুক্ত হৈছে চৰণ বড়ো।

 ইয়াৰে ভিতৰত চৰণ বড়ো মিত্ৰ দল বি পি এফৰ আৰু অতুল বৰা হৈছে অগপৰ প্ৰতিনিধি। দলীয় সূত্র মতে, ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰ অন্তর্ভুক্তিৰে নিজৰ মন্ত্ৰীসভা গঠনৰ বাবে সাজু হৈছে মুখ্যমন্ত্রী। সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্রীসভাত এতিয়া আন জাতি-জনগোষ্ঠীৰ লগতে পাহাৰ আৰু বৰাক উপত্যকাৰ পৰা কোন কোন বিধায়ক অন্তর্ভুক্ত হ'ব তাক লৈ ৰাজ্যজুৰি ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে।

Share This