ডিজিটেল ডেস্ক: ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ দিন খাটাং হ'ল। অহা ৫ জুনত মন্ত্রীসভা সম্প্ৰসাৰণ সম্পন্ন হ'ব। মুখ্যমন্ত্ৰীকে ধৰি অসম মন্ত্রীসভাত মুঠ ১৯ জনীয়া মন্ত্রীসভা গঠন কৰাৰ আইনী ব্যৱস্থা আছে। যোৱা ৯ এপ্রিলত বিধানসভা নিৰ্বাচনৰ ফল ঘোষণাৰ পাছত ১০২ খন আসন লাভ কৰা এন ডি এৰ পৰা চাৰিগৰাকীক অন্তর্ভুক্ত কৰি ড° শৰ্মাই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্রহণ কৰিছিল।
অহা ৫ জুনত বহু চর্চিত মন্ত্রীসভা সম্প্ৰসাৰণৰ কথা কালি সামাজিক মাধ্যমত সদৰী কৰিলে বর্তমানে দিল্লীত থকা মুখ্যমন্ত্রী ড° শৰ্মাই। এইবাৰ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰত ১০/১২ গৰাকী মন্ত্ৰী অন্তর্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আগৰ মন্ত্ৰী সভাত থকা ৩-৪ গৰাকীক বাদ দি নতুন মুখক স্থান দিব পাৰে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। চর্চা অনুসৰি, বৰাকৰ পৰা এগৰাকী বিধায়কে পাব মন্ত্রিত্ব। আনহাতে শদিয়াৰ বিধায়কগৰাকীৰ লগতে উজনি অসমৰ এগৰাকী বিধায়কো নতুনকৈ মন্ত্রীসভাত অন্তর্ভুক্ত হ'ব পাৰে। ইতিমধ্যে সম্প্ৰসাৰিত মন্ত্রীসভাৰ তালিকা প্রায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে। অহা ৩ জুনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য বিদেশ ভ্ৰমণৰ পৰা আহি অসমত উপস্থিত হোৱাৰ পাছতে শপত গ্রহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গুৱাহাটীত এই শপত গ্রহণ সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে। মন্ত্রীসভা সম্প্ৰসাৰণ সন্দৰ্ভত প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিবলৈ কালি দিল্লীস্থিত সোণোৱালৰ বাসগৃহত উপস্থিত হয় ড° শৰ্মা।
সম্প্ৰসাৰিত মন্ত্রীসভাৰ তালিকাক লৈ দুয়োগৰাকী নেতাৰ মাজত আলোচনা হয়। আনহাতে এইবাৰৰ মন্ত্রীসভা গঠনক লৈ আৰ এছ এছেও চোকা দৃষ্টি ৰাখিছে বুলি এক খবৰ আহিছে। এই সকলোবোৰ কথা তন্ন তন্নকৈ দিল্লীত আলোচনা কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাই। কাক নতুনকৈ দায়িত্ব দিব আৰু কোন পুৰণি মন্ত্ৰীক পুনৰ অন্তৰ্ভুক্ত কৰিব, এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক কিছু পৰামৰ্শও সৰ্বানন্দ সোণোৱালে প্রদান কৰে বুলি জানিব পৰা গৈছে। বর্তমানে দিল্লীত থকা মুখ্যমন্ত্রী ড° শর্মা অহা ২ জুনত অসমলৈ উভতিব।
মন্ত্রীসভা সম্প্ৰসাৰণৰ দিন ঘোষণা হোৱাৰ লগে লগে মন্ত্রিত্ব কোনে পাব তাক লৈ এতিয়া বিধায়কসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আৱশ্যক হোৱা মেজিক নম্বৰ ৬৪ৰ পৰা বহু দূৰ আগুৱাই ৮২ খন আসন নিজাববীয়াকৈ লাভ কৰাৰ পাছত মিত্রদল অগপ-বি পি এফৰ পৰা আৰু মন্ত্রিত্ব প্রদান কৰেনে নাই তাক লৈও বহুতৰে মনত প্ৰশ্নৰ অৱতাৰণা হৈছে। সম্প্ৰতি দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্রী ড° শৰ্মাই কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰকো সাক্ষাৎ কৰে।