পশ্চিম এছিয়ালৈ সৰবৰাহ কৰিবলগা ১৮২কোটিৰ কেপটাগন জব্দ

dainik janambhumi May 17, 2026

ডিজিটেল ডেস্ক : কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শনিবাৰে প্ৰকাশ কৰে যে নিচাযুক্ত সামগ্রী নিয়ন্ত্ৰণ ব্যুৰ'ই (এন চি বি) প্ৰথমবাৰৰ বাবে 'জেহাদী ড্রাগছ' কেপটাগন জব্দ কৰিছে। এন চি বিয়ে ১৮২ কোটি টকা মূল্যৰ কেপটাগন টেবলেট জব্দ কৰে আৰু কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে এই জব্দকৃত নিচাযুক্ত সামগ্রীক 'জেহাদী ড্রাগছ' আখ্যা দিয়ে। 

এই সংক্রান্তত এজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে এন চি বিয়ে। 'অপাৰেশ্যন ৰেইজপিল' অভিযানৰ অধীনত এন চি বিয়ে ধৰা পেলোৱা এই ড্রাগছ চক্ৰটোৱে পশ্চিম এছিয়াৰ দেশলৈ এই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰাৰ লক্ষ্য লৈছিল। এই ড্রাগছখিনি গুজৰাটৰ মুন্দ্ৰা বন্দৰ আৰু দিল্লীৰ নেব সৰাইৰ পৰা জব্দ কৰা হয়। 

'এক্স'ত এই অভিযানৰ বিষয়ে প্রকাশ কৰি গৃহ মন্ত্ৰী শ্বাহে কয় যে মোদী চৰকাৰ ভাৰতক ড্রাগছমুক্ত কৰাত সংকল্পবদ্ধ। 'অপাৰেশ্যন ৰেইজপিল'ৰ জৰিয়তে দেশৰ নিৰাপত্তা সংস্থাটোৱে ১৮২ কোটি টকা মূল্যৰ তথাকথিত 'জেহাদী ড্রাগছ', কেপটাগন জব্দ কৰিলে।

Share This