ডিজিটেল ডেস্ক : অসমীয়া ছবি 'কেচটো নগেন'-এ আজি ভৰি দিলে তৃতীয় সপ্তাহত। বৰ্তমান ছবিগৃহত সগৌৰৱে চলি আছে অসমীয়া ছবি 'কেচটো নগেন। বিগত দুটা সপ্তাহত দর্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত আজিৰে পৰা ৰাজ্যৰ ১১ টা ছবিগৃহত দৰ্শকে উপভোগ কৰিব পাৰিব অসমীয়া ছবি 'কেচটো নগেন' ৷
বৰ্তমান সমাজত চলি থকা এটা বাস্তৱ কাহিনী দৰ্শকৰ মাজত উপস্থাপন কৰিছে 'কেচটো নগেন' ছবিখনে। ছবিখন পৰিচালনা কৰিছে ধনজিৎ দাসে। জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা এটা কাহিনী উপস্থাপন কৰা হৈছে ছবিখনত ৷ কিয়নো বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে বিভিন্ন বিত্তীয় কেলেংকাৰিৰ কথা নিতৌ শুনিবলৈ পোৱা যায় । এনে এক বিত্তীয় কেলেংকাৰিৰ কাহিনীকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ।
RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনে মুক্তিৰ পাছৰে পৰা দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে । ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, অতুল পাঁচনি, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, প্ৰণৱ কলিতা, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । আনহাতে, ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ । ইতিমধ্যে বহুকেইটা ছবিগৃহতে এতিয়া প্ৰায়কেইটা দৰ্শনী হাউছফুল হোৱা দেখা গৈছে ।