ওজন কমোৱাত সহায় কৰে ফুলকবিয়ে

Kakali Deka December 03, 2023

ডিজিটেল ডেস্কঃ শীতকালৰ পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম। ফুলকবি বন্ধা অৰু ওলকবিৰ পৰিয়ালৰে। ভাৰতলৈ ফুলকবিৰ আগমন ঘটিছিল ব্ৰিটিছৰ শাসনৰ সময়ত। নিজৰ গুণৰ বলত এতিয়া ফুলকবি অন্যতম জনপ্রিয় পাচলি হৈ পৰে। ফুলকবিৰ বিশেষ সোৱাদে আমিষভোজীসকলকো আকৰ্ষিত কৰে। ফুলকবিয়ে আমাক স্বাস্থ্যৱান কৰি ৰখাত আৰু শৰীৰৰ পৰা বিষাক্ত দ্রব্যসমূহ বাহিৰলৈ উলিয়াই নিয়াতো সহায় কৰে। ফুলকবিত ভালেমান পুষ্টিকৰ দ্রব্য আছে।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড° বিশ্বজিৎ চৌধাৰীয়ে ফুলকবিক লৈ ব্যাপকভাৱে গৱেষণা কৰিছিল। তেওঁৰ মতে ফুলকবিত কম কেলৰি থাকে, কিন্তু ছডিয়াম কার্ব'হাইড্রেট ফাইবাৰ, প্ৰটিন, ভিটামিন চি, মেগনেছিয়াম, পটেছিয়াম পর্যাপ্ত মাত্রাত আছে। আনহাতে ইয়াত নিচেই কম পৰিমাণৰ ফেট আছে। খাদ্য বিশেষজ্ঞসকলৰ মতে ফুলকবি ৰান্ধোতে ইয়াত অলপমান আদা আৰু নহৰু দিলে সোৱাধ অধিক বৃদ্ধি পায়। এটা গৱেষণাৰ পৰা জানিব পৰা মতে, ফুলকবিত থকা খনিজসমূহে ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে- যাৰ ফলত হৃৎপিণ্ড স্বাভাৱিক অৱস্থাত থাকে। ইয়াত থকা ক্রুছিফেৰাছে ৰক্ত পৰিবাহী নলীসমূহত ৰক্তপ্রৱাহ সুচল কৰি ৰখাত সহায় কৰে। আনহাতে ফুলকবিয়ে লিভাৰৰ বিষাক্ত দ্রব্যসমূহ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই নিয়াত সহায় কৰা এনজাইমসমূহ বৃদ্ধি কৰাত সহায় কৰে।

ইয়াৰ লগতে পাচন প্রণালীক সবল কৰি ৰাখে। ইয়াত কম কেলৰি আৰু অধিক ফাইবাৰ থকাৰ ফলত ফুলকবি খালে ভোক কমে। সেয়েহে ওজন হ্রাস কৰাতো সহায় কৰে। ফুলকবিত থকা ভিটামিন-চিয়ে হাড় শক্তিশালী কৰে আৰু ইয়াত এনেকুৱা কিছুমান জৈবিকভাবে সক্রিয় যৌগ থাকে- যি হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু আঘাতৰ আশংকা হ্রাস কৰে। ইয়াৰ লগতে শৰীৰৰ ভিতৰত কোষৰ ক্ষতি কৰা কিছুমান হানিকাৰক অণুৰ দ্বাৰা হোৱা ক্ষতি ৰোধ কৰে ফুলকবিয়ে।

Share This