১৬ ফেব্ৰুৱাৰীৰ পৰা চি বি এছ ইৰ দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

dainik janambhumi November 07, 2026

ডিজিটেল ডেস্ক : কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) অধীনৰ অহা বছৰ অনুষ্ঠিত হ'বলগীয়া নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ সূচী কালি ঘোষণা কৰে। দুয়োটা শ্ৰেণীৰে পৰীক্ষাসমূহ অহা বছৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। 

কালি চি বি এছ ইয়ে এখন জাননীত এই কথা প্রকাশ কৰে। ইয়াত উল্লেখ কৰা মতে, দুয়োটা শ্ৰেণীৰ সকলো পৰীক্ষা পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হ'ব। দশম শ্ৰেণীৰ ৮৩টা আৰু দ্বাদশ শ্ৰেণীৰ ১২১টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। দশম শ্ৰেণীৰ পৰীক্ষাসমূহৰ ৯ মাৰ্চত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৯ এপ্ৰিলত অন্ত পৰিব। এইবাৰৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে ২৬.৫ লাখতকৈ অধিক আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে ১৯.৮ লাখ ছাত্র-ছাত্রীয়ে নাম পঞ্জীয়ন কৰিছে।

Share This