মছন্দৰী শাক খাই সুস্বাস্থ্য গঢ়ক

Rashmi June 12, 2025

ডিজিটেল ডেস্কঃ মছন্দৰী শাকৰ নানা গুণাগুণ আছে। পেটৰ ৰোগত  মছন্দৰী এবিধ মহৌষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথা সময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়।

ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। 

১)  নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে অভোখ বা অৰুচি আঁতৰি যায়।

২) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেণ্ট্ৰি’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।

৩)  আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।

৪) ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক।

৫)  ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।

৬) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।

৭) মছন্দৰীয়ে বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।

৮) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।

৯) শ্বাস-প্রশ্বাসত কষ্ট পালে মছন্দৰীৰ পাত সিজাই নিমখ, জালুক আদি সানি খালে শ্বাস-কষ্টৰ পৰা উপশম পাব পাৰি।

১০) মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।

১১)  স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছন্দৰীয়ে সহায় কৰে।

১২) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This