ৰাম মন্দিৰৰ দানৰ ধন লুট, চম্পত ৰায়, অনিল মিশ্র, গোপাল ৰাওক অযোধ্যা ত্যাগৰ নির্দেশ

dainik janambhumi June 30, 2026

ডিজিটেল ডেস্ক : অযোধ্যাৰ ফৈজাবাদ বাৰ এছ'চিয়েশ্যনে সোমবাৰে সিদ্ধান্ত গ্রহণ কৰে যে অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ জন লোকৰ হৈ সন্থাটোৰ সদস্যসকলে ওকালতি নকৰে। সন্থাটোৱে সকীয়নি দিয়ে যে এই সিদ্ধান্ত উলংঘন কৰা যিকোনো অধিবক্তাই ৫ লাখ টকাৰ জৰিমনা ভৰিব লাগিব। মন্দিৰ ব্যৱস্থাপনাৰ সৈতে জড়িত (কিন্তু এফ আই আৰত) চম্পত ৰায়, অনিল মিশ্ৰ আৰু গোপাল ৰাৱে 'অযোধ্যাৰ পৰা গুচি যাব লাগিবই' বুলিও বাৰ এছ'চিয়েশ্যনৰ সভাত অধিবক্তাসকলে দাবী জনায়। 

অধিবক্তাসকলে সকীয়নি দিয়ে যে যদি উক্ত তিনিজনে তিনিদিনৰ ভিতৰত অযোধ্যাৰ পৰা নাযায়, সমগ্র অযোধ্যা মহানগৰ অৱৰোধ কৰা হ'ব আৰু কাকোৱেই প্রবেশ কৰিবলৈ দিয়া নহ'ব। বাৰ এছ'চিয়েশ্যনৰ সাধাৰণ সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়। সন্থাৰ সভাপতি কালিকা প্রসাদ মিশ্ৰই সভাৰ পাছত সাংবাদিকৰ আগত কয় যে অভিযুক্তসকলৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত সৰ্বসন্মতভাৱে লোৱা হৈছে। মিশ্রই আৰু কয় যে উক্ত দান-বৰঙনি চুৰিৰ এক তদন্ত বিচাৰি সন্থাই কেন্দ্রীয় অনুসন্ধান সংস্থালৈ (চি বি আই) পত্ৰ প্ৰেৰণ কৰিব। তেওঁ আৰু কয় যে সন্থাই চি বি আইৰ তদন্ত বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। যদি তাত কোনো সকাহ পোৱা নাযায়, তেন্তে সন্থা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। সন্থাই কয় যে বি এন এছ এছৰ ১৫৬ (৩) ধাৰাৰ অধীনত চম্পত ৰায়, গোপাল ৰাও আৰু অনিল মিশ্ৰৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰাটোও বিচাৰিব। মিশ্ৰই কয়, 'গোচৰটো ৰুজু কৰিবলৈ প্ৰথমতে আমি আৰক্ষীৰ কাষ চাপিম আৰু যদি কোনো কাৰ্যব্যৱস্থা গ্রহণ নকৰে, তেন্তে আমি আদালতৰ যোগেদি আইনৰ সহায় বিচাৰিম।' 

উল্লেখযোগ্য যে অযোধ্যাৰ ৰাম মন্দিৰৰ দান-বৰঙনি চুৰিৰ অভিযোগ উত্থাপন হোৱা তথা উক্ত ঘটনা ৰাজহুৱা হোৱাৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰে ১৩ জুনত এছ আই টি গঠন কৰি দিছিল। এছ আই টিত আছিল লক্ষ্ণৌ মণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্ত, আৰক্ষীৰ মহাপৰিদৰ্শক কিৰণ এছ আৰু বিত্ত বিভাগৰ বিশেষ সচিব নীল ৰতন। এছ আই টিৰ প্ৰতিবেদনৰ ভিত্তিত আৰক্ষীয়ে ৮ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক হৈছে-অবিনাশ শুক্লা, অনুকল্প মিশ্র, লৱকুশ মিশ্র, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্র, সুভাষ শ্রীবাস্তৱ আৰু ৰামশংকৰ যাদৱ ওৰফে টিন্নু। সোমবাৰে অযোধ্যাৰ এখন স্থানীয় আদালতে ৮জন অভিযুক্তক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ আগতে তেওঁলোকক এজন বিশেষ জিম্মা দণ্ডাধীশে তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।

Share This