ডিজিটেল ডেস্ক : সুদীর্ঘ তিনি দশকৰ অন্তত ইউৰোপা লীগৰ নতুন চেম্পিয়ন হিচাপে পৰিগণিত হৈছে এষ্টন ভিল্লা। ফাইনেলত জার্মান ক্লাব ফ্রেইবার্গক ৩-০ গ'লত হৰুৱাই দলটোৱে ইউৰোপৰ অন্যতম সন্মানীয় এই ট্রফী লাভ কৰে। বুধবাৰে ইষ্টানবুলৰ বেছিকটাছ পাৰ্কত অনুষ্ঠিত হোৱা মেচখনত দুয়োটা দলে আৰম্ভণিৰ পৰাই আক্রমণাত্মক ফুটবল খেলিছিল। পিছে ক্রমান্বয়ে এষ্টন ভিল্লাই খেলখনত নিয়ন্ত্রণ প্রতিষ্ঠা কৰে। প্রশিক্ষক উনাই এমেৰীৰ কৌশলগত পৰিকল্পনাৰ বিৰুদ্ধে ফ্রেইবার্গে বিশেষ সুবিধা কৰিব নোৱাৰিলে।
প্রথমাৰ্ধৰ ৪১ মিনিটত বেলজিয়ামৰ মিডফিল্ডাৰ ইউৰি টিলেমেন্সে দলক অগ্রগতি দিয়ে। তাৰ পাছত প্রথমাৰ্ধৰ অতিৰিক্ত সময়ত আর্জেন্টিনাৰ ফুটবলাৰ এমিলিয়ানো বুয়েডিয়াই দলৰ অগ্রগতি দুগুণ কৰে। দ্বিতীয়ার্ধত ফ্রেইবার্গে প্রত্যাৱৰ্তনৰ চেষ্টা কৰিছিল যদিও ৫৮ মিনিটত বুয়েডিয়াই সৃষ্টি কৰা সুযোগ কাৰ্যকৰী কৰি মর্গান ৰ'জাৰ্ছে ভিল্লাৰ জয় ৩-০ গ'লত নিশ্চিত কৰে।
এই সাফল্যৰ জৰিয়তে ১৯৯৬ চনৰ লীগ কাপ জয়ৰ পাছত প্ৰথমবাৰ কোনো ডাঙৰ খিতাপ তুলি ধৰে এষ্টন ভিল্লাই। ইয়াৰ লগতে ৪৪ বছৰৰ পাছত ইউৰোপীয় প্রতিযোগিতাতো খিতাপ হিৰোপা দখলৰ সোৱাদ লাভ কৰে।