ৰাশিফল চাই জানক আপোনাৰ আজিৰ দিনটো কেনেকৈ যাব....
DainikJanambhumi
September 25, 2024
ডিজিটেল ডেস্কঃ বুধবাৰ, ২৫ ছেপ্টেম্বৰ, খ্ৰীষ্টাব্দ ২০২৪৷
মেষঃ শুভ ৰং বগা৷ ককাই-ভাই, বাই-ভনীৰ লগত সদ্ভাৱ-সম্প্ৰীতি বৃদ্ধি পাব৷ দাম্পত্য জীৱন শুভাশুভ মিশ্ৰিত৷ কৰ্মত সততা, নিষ্ঠা থাকিব৷ অবাঞ্ছিত খৰচ৷
বৃষঃ শুভ ৰং ৰঙা৷ আৰ্থিকত প্ৰায় ভালেই৷ কথা-বাৰ্তাত পানী নসৰকা৷ বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলেও উপস্থিত বুদ্ধিৰে সেইবোৰ চম্ভালি ল’ব পাৰিব৷ বিদ্যাত মধ্যম৷ শিল্পীৰ সুখ্যাতি৷
মিথুনঃ শুভ ৰং হালধীয়া৷ আৰ্থিক উন্নতিৰ যোগ৷ প্ৰেম-প্ৰীতিত অস্থিৰতা৷ সংগ দোষৰ পৰা সতৰ্ক থাকক৷ মন উন্নত হ’লেও সন্তানক লৈ চিন্তিত৷
কৰ্কটঃ শুভ ৰং নীলা৷ ভ্ৰমণ হ’ব পাৰে৷ বুদ্ধি-চাতুৰ্যৰ বলত বহুত জটিল সমস্যা চম্ভালি ল’ব পাৰিব৷ ব্যৱসায়ত শুভ৷ মন আনৰ প্ৰতি সহানুভূতিৰে ভৰা৷
সিংহঃ শুভ ৰং বেঙুনীয়া৷ দিনটো ভালেই যাব৷ আনৰ হিত সাধি ভাল পাব৷ বিদ্যা-বুদ্ধিত ভালেই৷ ক্ষেত্ৰ বিশেষে মান -মৰ্যাদা লাভ৷ আকাংক্ষা বাঢ়িব৷ অস্থিৰ চিন্তাক লাই নিদিব৷
কন্যাঃ শুভ ৰং ক’লা৷ কৰ্মত দৃঢ়তা আৰু সততা থাকিব৷ পাৰিবাৰিক জীৱন সুখৰেই৷ আপোনাৰ পাণ্ডিত্য প্ৰতিভা বিকাশৰ সুযোগ মিলিব৷
তুলাঃ শুভ ৰং সোণালী৷ যি কামতেই হাত দিয়ক সফল হ’ব৷ ভ্ৰমণ হ’ব পাৰে৷ মই বৰ ভাবক প্ৰশ্ৰয় দিলে আহুকালত পৰিব৷
বৃশ্চিকঃ শুভ ৰং গুলপীয়া৷ কৰ্মোন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব৷ অংশীদাৰী ব্যৱসায়ত চকু ৰাখক৷ কোনোৱে পেটৰ অভ্যন্তৰীণ অসুখত ভুগিব পাৰে৷
ধনুঃ শুভ ৰং মুগা৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ স্বাস্থ্য ক্ষেত্ৰতো আমনি নেপাব৷ অসৎ সংগৰ পৰা সতৰ্ক থাকক৷
মকৰঃ শুভ ৰং বাদামী৷ শৰীৰ প্ৰায় ভালেই৷ সামাজিক কামৰ মাজেদি খ্যাতি লাভ৷ ভাগ্যোদয়ৰ ইংগিত৷ অস্থিৰ চিন্তাক লাই নিদিব৷
কুম্ভঃ শুভ ৰং গেৰুৱা৷ কৰ্মত দক্ষতা, দৃঢ়তা প্ৰকাশ৷ লোকৰ উচটনিত, মনত অস্থিৰ ভাব নোসোমালে, সমাজত খ্যাতি লাভ কৰিব৷
মীনঃ শুভ ৰং সেউজীয়া৷ দাম্পত্য জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ য’তেই নেথাকক বন্ধুবৰ্গৰ অভাৱ নহ’ব৷ সম্ভৱস্থলত সা-সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ পথত৷ লোকৰ ভুল-ভ্ৰান্তি আপোনাৰ দৃষ্টিৰ পৰা সাৰি নেযাব৷ অসৎ সংগৰ প্ৰৰোচনাত যাতে পৰিব লগা নহয়, সতৰ্ক থাকক৷ কৰ্মত সততা আৰু স্বাৰ্থত্যাগী ভাব প্ৰকাশ পাব৷
Share This