মাথোঁ ১৩ বলত উর্ভিলৰ দ্রুততম অর্ধ শতৰান লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অষ্টম পৰাজয়, প্লে' অফৰ আশা সজীৱ চেন্নাই ছুপাৰ কিংছৰ

dainik janambhumi May 11, 2026

ডিজিটেল ডেস্ক: পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত ছিজনৰ আই পি এলত প্লে' অফৰ আশা সজীৱ কৰি ৰাখিছে। উর্ভিলে পেটেলৰ দ্রুততম অর্ধশতৰানৰ জৰিয়তে আই পি এলৰ কালিৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৫ উইকেটত পৰাজিত কৰি চেন্নাই ছুপাৰ কিংছে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশৰ সম্ভাৱনা সজীৱ কৰি ৰাখে। 

ভাৰতীয় খেলুৱৈ হিচাপে আই পি এলত যশস্বী জয়ছোৱালৰ দ্রুততম অর্ধশতৰানৰ অভিলেখ স্পৰ্শ কৰা উর্ভিলৰ ২৩টা বলত বিধ্বংসী ৬৫ ৰানৰ সহায়ত চেন্নায়ে ৫টা উইকেট হেৰুৱাই ২০৪ ৰানৰ লক্ষ্য অতিক্রম কৰে। প্ৰথমে বেট ধৰি লক্ষ্ণৌৱে জুছ ইংলিছৰ ৮৫ আৰু ছাহবাজ আহমেদৰ অপৰাজিত ৪৩ ৰানেৰে ৮টা উইকেট হেৰুৱাই ২০৩ ৰান কৰে। 

প্রত্যুত্তৰত চেন্নায়ে উর্ভিলৰ ৮টা ছয় আৰু দুটা ৪ সম্বলিত ৬৫ ৰানৰ লগতে ঋতুৰাজ গাইকোৱাডৰ ৪২ ৰানৰ জৰিয়তে ১৯.২ অ'ভাৰত ৫টা উইকেট হেৰুৱাই ২০৮ ৰান কৰি জয় সাব্যস্ত কৰে। চেন্নায়ে তেনেদৰেই ১১খন খেলত ষষ্ঠ জয় আৰু ৫খনত পৰাজয়েৰে পইণ্টৰ তালিকাত পঞ্চম স্থানত আছে। চেন্নাইৰ হাতত পৰাজয়েৰে আই পি এলত লক্ষ্ণৌৰ প্লে' অফৰ আশা নির্বাপিত হয়।

Share This