ডিজিটেল ডেস্ক: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম মুখ্য অভিযুক্ত সিদ্ধার্থ শর্মাই কালি জামিন আৱেদন কৰে।
ফাষ্ট ট্রেক আদালতত গোচৰটোৰ অভিযুক্তসকলৰ চাৰ্জ ফ্রেম শুনানি চলি থকাৰ সময়তে কালি মুখ্য অভিযুক্ত সিদ্ধার্থ শর্মাই ফাষ্ট ট্রেক আদালতত জামিন আৱেদন কৰে। আদালতে সিদ্ধাৰ্থৰ আৱেদনৰ শুনানিৰ দিন অহা ২২ এপ্ৰিলত ধার্য কৰে।
উল্লেখযোগ্য যে গোচৰটোৰ আন এক মুখ্য অভিযুক্ত শ্যামকানু মহন্তয়ো ইতিপূর্বে জামিন আৱেদন কৰিছিল। এই আৱেদনৰো শুনানিৰ দিন আদালতে অহা ২২ এপ্ৰিলত ধাৰ্য কৰিছিল।