ডিজিটেল ডেস্ক : ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফ'ৰামত ভাগ ল'বলৈ কালি পুৱাই জুৰিখত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা। উল্লেখযোগ্য যে ইতিহাসত প্রথমবাৰৰ বাবে অসমে বিশ্বৰ সৰ্ববৃহৎ অতিশয় কাৰ্যকৰী বাণিজ্যিক সম্মিলন ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ বার্ষিক সম্মিলনত ভাগ লৈছে। ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমৰ বিনিয়োগ, অর্থনীতি আদিকে ধৰি অসমৰ সৰ্বাংগীণ উন্নয়নৰে জড়িত ভিন্ন বিষয়ত আলোচনা-সত্ৰত মিলিত হ'ব আৰু একাধিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।
ডাভোছৰ বিশ্ব বাণিজ্য সন্মিলনত অসমৰ অংশগ্রহণ এক বৃহৎ পদক্ষেপৰ অভিলাষী 'ভিজন' হিচাপে ইতিমধ্যে চর্চিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্মিলনত বিশ্বৰ শীর্ষস্থানীয়, উন্নত দেশৰ ৰাষ্ট্ৰপ্ৰধানেই নহয়, বৃহৎ বহুজাতিক কোম্পানীৰ চি ই অ', বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বী আদিৰ সৈতে বৈঠকত মিলিত হৈ অসম তথা ভাৰতৰ বিকাশ-উন্নয়নৰ বাবে বক্তব্য আগবঢ়াব। দেওবাৰে নিশা দিল্লীৰ পৰা ছুইজাৰলেণ্ডলৈ বুলি উৰা মৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে জুৰিখত উপস্থিত হোৱাৰ পাছতে জুৰিখ বিমান বন্দৰত প্ৰৱাসী ভাৰতীয় সমাজে তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ পাছতে ৱৰ্ল্ড ইকনমিক ফ'ৰাম ২০২৬ৰ অংশ হিচাপে জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছন্মুগৰত্নমৰ সৈতে তেওঁ বাৰ্তালাপ কৰে। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্রীয়ে কয় যে আগৰ দৰেই ভাৰতৰ প্ৰতি তেখেতৰ উষ্ম প্রকাশভংগী আৰু অভিবাদনে আমাৰ মত বিনিময়ৰ সময়ছোৱা অধিক উজ্জীৱিত কৰি তুলিছিল। ডাভোছৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশ লোৱাৰ উদ্দেশ্যে আহি জুৰিখত অৱতৰণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতেও মিলিত হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বৰ্ল্ড ইকনমিক ফ'ৰাম বার্ষিক সাধাৰণ সভা ২০২৬ৰ উদ্বোধনী সংগীত অনুষ্ঠান, আদৰণী গ্রহণ অনুষ্ঠান, গ্ল'বেল লাইটহাউছ নেটৱৰ্ক ডিনাৰকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ বৈঠক তথা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
এই লাইটহাউছত অন্তর্ভুক্ত হৈছে অসমৰ গৌৰৱ ডুমডুমাস্থিত হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীটো। ইয়াত ছাইটসমূহৰ নতুন গোট আৰু বিগত বছৰৰ তেওঁলোকৰ সাফল্যসমূহ উপস্থাপন কৰা হ'ব। লাইটহাউছ ছাইটসমূহ হৈছে ঔদ্যোগিক ৰূপান্তৰৰ উৎকৃষ্টতাৰ অনন্য উদাহৰণ। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ কালিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পাছত কাইলৈ অৰ্থাৎ দ্বিতীয় দিনৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠক আৰু সাক্ষাৎকাৰসমূহ থাকিব, যিবোৰে অসম তথা ভাৰতবৰ্ষক উন্নয়নী গতিশীলতা প্ৰদান কৰাত যথেষ্ট সুবিধা প্রদান কৰিব।