ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ লগতে ৰাইজৰ সুবিধাৰ্থে অহা ৩ মার্চত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মুকলি কৰিব কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমখন চৰকাৰী অর্কিড উদ্যান।
বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাই বোকাখাত সম-জিলা আয়ুক্ত তথা বিভাগীয় বিষয়াৰ সৈতে বুধবাৰে অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা উক্ত অর্কিড উদ্যানখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্রী অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অহা ৩ মার্চত বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন আঁচনি শুভাৰম্ভ কৰিব। উক্ত দিনাই কাজিৰঙাৰ কঁহৰা নদীৰ পাৰত প্ৰায় ১৭ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী অর্কিড উদ্যানখন পর্যটক আৰু ৰাইজৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰিব।
মন্ত্ৰীজনে আৰু জানিবলৈ দিয়া মতে, এই অর্কিড উদ্যানখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব। এইখন উদ্যানত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দৰ্শনৰ লগতে থলুৱা খাদ্য, বোৱা-কটা বস্ত্র, সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিব পাৰিব।
উল্লেখযোগ্য যে উক্ত দিনা কাজিৰঙা মৌজাৰ সাপজুৰিত নিৰ্মাণ কৰা পোহনীয়া পশুৰ চিকিৎসালয়, কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰা আৰক্ষী বিভাগৰ নতুন আটকধুনীয়া অতিথি গৃহ, কেইবাখনো বিদ্যালয়ৰ নতুন গৃহ আদি উক্ত দিনা মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলিও মন্ত্রী অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়ে ।