ডিজিটেল ডেস্ক : পশ্চিমীয়া শক্তিৰে ফেৰ মাৰিব পৰাকৈ চীনে এখন অত্যাধুনিক যুজাঁৰু বিমান নির্মাণ কৰিছে। অৱশ্যে এই খন বিমান চীনে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ লগতে দেশখনৰ পৰা অস্ত্র-শস্ত্র আমদানি কৰা অন্যান্য দেশসমূহৰ বাবেও নিৰ্মাণ কৰিছে।
পঞ্চম প্রজন্মৰ জে-৩৫ যুঁজাৰু বিমানখন আমেৰিকাৰ 'এফ-৩৫ লাইটনিং-২' বিমানখনৰ প্ৰত্যাহ্বান জনাব পৰাকৈ নিৰ্মাণ কৰা হৈছে। চীনৰ পৰা এই অত্যাধুনিক যুদ্ধ বিমানখন ক্ৰয়ৰ ক্ষেত্ৰত প্রথম গ্ৰাহকৰ শাৰীত আছে পাকিস্তান।
চীনৰ চৰকাৰী টেলিভিছনে ইতিমধ্যে ১ মে'ত যুঁজাৰু বিমানখনৰ ভিডিঅ' প্রদর্শন কৰিছিল।