ডিজিটেল ডেস্কঃ পহলগাম-কাণ্ডৰ পাছত ভাৰতে সিন্ধু জলচুক্তি বাতিল কৰাৰ প্রতিশোধ ল'বলৈ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ বন্ধ কৰি দিলেও ভাৰতৰ একো নহয় বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।
চীনে বন্ধু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা সিদ্ধান্তৰ পোতক তুলিবলৈ একেধৰণৰ স্থিতি গ্রহণ কৰাৰ কথা বেইজিংস্থিত চেণ্টাৰ ফৰ চাইনা এণ্ড গ্ল'বেলাইজ্যেশ্যনৰ উপাধ্যক্ষ ঝিকাও গাওৱে ভাৰতলৈ ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ বন্ধ কৰাৰ ভাবুকিৰ কথা সংবাদ মাধ্যমত প্রকাশ হৈছে।
এই ভাবুকি পোৱাৰ পাছত আজি মুখ্যমন্ত্রী ড° শর্মাই বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে। সামাজিক মাধ্যমত মুখ্যমন্ত্রী ড° শৰ্মাই ব্যক্ত কৰা প্রতিক্রিয়াত যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দি ধৰি ৰাখে তেন্তে কি হ'ব সেই সন্দর্ভত তথ্যসহকাৰে উল্লেখ কৰিছে। পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে- 'ভাৰতে সিন্ধু জল চুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- যদি চীনে ব্রহ্মহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ'ব? ভাৰতৰ একো নহয়। এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম। ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণ কৰিছে ভাৰততহে।
চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫ শতাংশহে যোগান ধৰে। ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী। আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী। বাকী থকা ৬৫-ৰ পৰা ৭০ শতাংশ ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্রহ্মপুত্রলৈ বৈ আহিছে। (ক) অৰুণাচল প্রদেশ, অসম, নগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা (খ) সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়াভৰলী, কপিলী আদি প্রধান উপনৈৰ পৰা (গ) খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে।' বন্ধু ৰাষ্ট্ৰ চীনৰ দ্বাৰা পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকা নিৰসন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আৰু উল্লেখ কৰে যে 'ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰৱাহ প্রায় ২,০০০-৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডত। অসমৰ ভৈয়ামত, যেনে- গুৱাহাটীত এই প্ৰৱাহ বাৰিষাৰ সময়ত ই ১৫,০০০-ৰ পৱা ২০,০০০ ঘনমিটাৰলৈ প্ৰতি ছেকেণ্ডত বৃদ্ধি পায়।
ব্রহ্মপুত্ৰ ভাৰতৰ এনে এখন নদী নহয়, যি বৈ যাবলৈ হিমালয়ৰ ওপৰত নিৰ্ভৰ কৰে। ব্ৰহ্মপুত্ৰক ভৰপূৰ কৰি ৰাখে ভাৰতৰ দোপালপিটা বৰষুণে। সেয়ে, ভাৰততহে লুইতে বল পাইছে। পাকিস্তানে এটা শাশ্বত সত্য জনা উচিত- যদিও চীনে চৰকাৰী মঞ্চত একো ভাবুকি প্ৰদান কৰা নাই, তথাপি যদিহে চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটাও দিয়ে ই আওপকীয়াকৈ হ'লেও ভাৰতক সহায়হে কৰিব। বিশেষকৈ বাৰিষা কালত বান নিয়ন্ত্ৰণৰ সময়ত। যি বানে প্ৰতি বছৰে লক্ষাধিক লোকক ক্ষতিগ্রস্ত কৰে। ইফালে, পাকিস্তানে যোৱা ৭৪ বছৰে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্রাধিকাৰ লাভ কৰি অভ্যস্ত হৈ পৰাৰ পাছত এতিয়া শংকাত ভুগিছে। যিহেতু ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে। সংক্ষেপে এটা কথা বুজাই দিবলৈ বিচাৰিছোঁ, ব্ৰহ্মপুত্রক কোনো এটা মাত্র উৎসই নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ব্ৰহ্মপুত্ৰ চিৰ প্ৰৱহমান-নিজৰ ভৌগোলিক স্থিতিৰ বাবে। আমাৰ আশীৰ্বাদ স্বৰূপ বাৰিষাৰ বাবে আৰু লুইতপৰীয়া সভ্যতাৰ ঐক্য-শক্তিৰ বাবে।'