ডিজিটেল ডেস্কঃ চীনে অচিৰেই টাইৱানত আক্ৰমণৰ প্ৰস্তুতি চলাই আছে। আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যত এই কথা প্রকাশ পাইছে। আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিৱেদনত উল্লেখ কৰা অনুসৰি চীনে অহা ছমাহৰ ভিতৰত টাইৱানত আক্ৰমণ কৰিব পাৰে।
উল্লেখযোগ্য যে আমেৰিকাই টাইৱানক সমৰ্থন কৰি আহিছে। কিন্তু চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতাসকলে এই বুলি মত প্রকাশ কৰিছে যে আমেৰিকাৰ বাবে টাইৱানক ৰক্ষা কৰাতো ইমান সহজ নহ'ব। চীনৰ চৰকাৰ আৰু সেনাই টাইৱানক দেশখনৰ সৈতে চামিল কৰাৰ বিভিন্ন বিকল্পক লৈও আলোচনা কৰি আছে। ইয়াৰ ভিতৰত টাইৱানক চৌদিশৰ পৰা ঘেৰি ধৰা, সামৰিক অভিযান, ইণ্টাৰনেট আৰু দূৰসংযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি পেলোৱাৰ দৰে বিকল্পও আছে।
সূত্ৰসমূহৰ মতে, চীনৰ প্ৰচেষ্টাত আমেৰিকাই বাধাৰ সৃষ্টি কৰিলে প্রচণ্ড যুদ্ধৰ সৃষ্টি হ'ব পাৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমানুপাতিক শুল্কক লৈ চীনৰ সৈতে সম্পৰ্ক উত্তেজনাপূর্ণ হৈ আছে।