ডিজিটেল ডেস্ক : অভিষেক শৰ্মাৰ ৩৪টা বলত ১০৮ ৰানৰ বিধ্বংসী ইনিংছৰ জৰিয়তে আফগানিস্তানক আজি তৃতীয় তথা অন্তিম টি-২০ ক্রিকেটত ১২৭ ৰানত হৰুৱাই ভাৰতে তিনিখনীয়া শৃংখলা ৩-০ ব্যৱধানত দখল কৰে। প্ৰথমে বেট ধৰি ভাৰতে অভিষেকৰ অভিলেখ সৃষ্টিকাৰী শতৰানেৰে ৭ উইকেটত ২২১ ৰান কৰিছিল।
পৰৱৰ্তী সময়ত নিয়ন্ত্রিত বলিঙেৰে আফগানিস্তানক ১৪.১ অ'ভাৰত ৯৪ ৰানত সীমিত ৰাখে। আফগানিস্তানৰ হৈ ইব্রাহিম জদ্রানে সর্বাধিক ২৫ ৰান কৰে। ভাৰতৰ নীতিশ কুমাৰ ৰেষ্ট্ৰী আৰু ৰবি বিষ্ণয়ে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অক্ষৰ পেটেলে পায় দুটা উইকেট। ইয়াৰ আগেয়ে অভিষেক শৰ্মাৰ ৩৪টা বলত ১০৮ ৰানৰ সহায়ত আফগানিস্তানৰ বিৰুদ্ধে প্রথমে বেট ধৰি ভাৰতে ৭উইকেটত ২২১ ৰানৰ বিশাল স্ক'ৰ থিয় কৰিছিল। মাথোঁ ৩০টা বলত শতৰান পূৰ কৰি অভিলেখ গঢ়া অভিষেকে নিজৰ ইনিংছটোত মুঠ ১১টা ছিক্সাৰ আৰু ৯টা চাৰি কোবায়।
অভিষেকে তেনেদৰেই ভাৰতৰ দ্রুততম টি-২০ শতৰানকাৰীত পৰিণত হয়। সেই অনুসৰি অভিষেকে ৰোহিত শৰ্মাৰ ৩৭টা বলৰ শতকীয় ইনিংছটো ম্লান কৰে। অভিষেকে প্রথম উইকেটত সঞ্জু ছেমছনৰে মিলি ১৪২ ৰানৰ যুটি বান্ধি দলৰ বৃহৎ স্ক'ৰৰ ভেটি গড়ে। ছেমছনে ৩৫টা বলত চাৰিটা ছয় আৰু দুটা চাৰিৰে নিজৰ ৫০ ৰানৰ ইনিংছটো সজায়। অধিনায়ক শ্রেয়াষ আয়াৰে ২৯ ৰানৰ বৰঙনি যোগায়।