চীনা এয়াৰ ডিফেন্স ছিষ্টেমে সুৰক্ষা দিব পৰা নাই ইৰানক, পাকিস্তানত হোৱা বিফলতাৰ পাছত পুনৰ একেই দশা

dainik janambhumi March 06, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণৰ পৰা ইৰানক সুৰক্ষা দিয়াত ব্যর্থ হ'ল চীনে যোগান ধৰা 'এইচ কিউ-৯ বি এয়াৰ ডিফেন্স ছিষ্টেম'। 

ইৰানৰ নাটাজু, ফ'দৌ আদি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সংস্থাপিত কৰা এই এয়াৰ ডিফেন্স ছিষ্টেমে ইজৰাইল-মার্কিন আক্রমণ প্রতিহত কৰাত সম্পূৰ্ণৰূপে বিফল হয়। যাৰ ফলত ইৰানৰ বিভিন্ন স্থান ধ্বংসস্তূপত পৰিণত হৈছে। উল্লেখযোগ্য যে ইৰানৰ নেতৃত্বই দেশখনক বহিঃআক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে ৰাছিয়া, চীনৰ লগতে থলুৱাভাৱে নির্মিত এয়াৰ ডিফেন্স ছিষ্টেম ব্যৱহাৰ কৰি আহিছে। 

চীনৰ এয়াৰ ডিফেন্স ছিষ্টেমক এক সম্পূৰ্ণ প্ৰতিৰক্ষা নেটৱৰ্ক হিচাপেও অভিহিত কৰি অহা হৈছিল। কিন্তু ভাৰতৰ 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত পাকিস্তানত চীনৰ এয়াৰ ডিফেন্স ছিষ্টেম বিফল হোৱাৰ পাছত এইবাৰ পুনৰ আমেৰিকা ইজৰাইলৰ আক্ৰমণৰ পৰা ইৰানক সুৰক্ষা দিয়াত ব্যর্থ হ'ল চীনা এয়াৰ ডিফেন্স ছিষ্টেম।

Share This