ডিজিটেল ডেস্ক ,: আমেৰিকাৰ সহযোগত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক ক্ষমতাচ্যুত কৰাৰ ভয়ানক ষড়যন্ত্র ফাদিল হোৱাৰ পাছতে চীনা সেনাৰ জেনেৰেল ঝাং ইউজিয়াক পদচ্যুত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে। চীনৰ চেন্ট্রেল মিলিটেৰী কমিছনৰ উপাধ্যক্ষ জেনেৰেল ঝাঙৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।
উল্লেখযোগ্য যে চীনৰ পাৰমাণৱিক অস্ত্ৰৰ গোপন তথ্য মার্কিন গুপ্তচৰ সংস্থা চি আই এক যোগান ধৰাৰ লগতে সেনা বিষয়াৰ পদোন্নতিৰ ক্ষেত্রত উৎকোচ গ্রহণৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঝাঙৰ বিৰুদ্ধে।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে শনিবাৰে প্রকাশ কৰে যে জেনেৰেল ঝাঙৰ উপৰি চেন্ট্রেল মিলিটেৰী কমিছনৰ অন্যতম বিষয়া জেনেৰেল লিউ ঝেনলিৰ বিৰুদ্ধে দেশৰ নিয়ম আৰু আইন অৱমাননাৰ গুৰুতৰ অভিযোগ উঠিছে, যাৰ তদন্ত অব্যাহত আছে।