ডিজিটেল ডেস্ক : চন্দ্ৰত অহা দহ বছৰৰ ভিতৰত মানুহে বাস কৰিব পাৰিব। ইয়াৰ বাবে অচিৰেই জোনবাই দেশত মানৱ বসতিস্থল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। এই কথা প্রকাশ কৰিছে বিশ্বৰ আটাইতকৈ চহকী উদ্যোগপতি ইলন মাস্কে। উল্লেখযোগ্য যে মাস্কে পূর্বতে মঙল গ্রহত মানৱ উপনিৱেশ স্থাপনৰ কথা পৰিকল্পনা কৰিছিল, কিন্তু এতিয়া তেওঁ এই পৰিকল্পনা সলনি কৰে। তেওঁ কয় যে মঙল গ্ৰহৰ তুলনাত অধিক কম সময়ত চন্দ্রত মানুহ বাস কৰিব পৰা চহৰ নিৰ্মাণ কৰিব পৰা যাব। তেওঁ অহা দহ বছৰৰ ভিতৰত চন্দ্ৰত মানুহৰ বসতিস্থল নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে। এই কাম কৰিব তেওঁৰ কোম্পানী স্পেচ এক্সে।
উল্লেখযোগ্য যে ইয়াৰ আগতে মাস্কে ১৯৫০ চনৰ ভিতৰত মঙল গ্রহত দহ লাখ লোক থাকিব পৰা এক মহানগৰ স্থাপন কৰিব বুলি ঘোষণা কৰিছিল। মঙল গ্ৰহৰ প্ৰচণ্ড ঠাণ্ডা আৰু বিষাক্ত বতাহৰ পৰা মানুহক বচোৱাৰ বাবে প্রথমে তেওঁৰ কোম্পানী টেছলাৰ আৰ্টিমিছ হিউমেনাইড ৰবট গ্ৰহটোলৈ প্ৰেৰণৰ কৰি আছে। ইয়াৰ মাজতে মাস্কে হঠাতে চন্দ্ৰত মানুহৰ বসতিস্থল স্থাপনৰ কথা ঘোষণা কৰে। তেওঁ সামাজিক মাধ্যমত কয়, 'যিসকল লোকে এই কথা নাজানে তেওঁলোকক জনাব বিচাৰোঁ যে স্পেচ এক্সে এতিয়া চন্দ্রত এক স্ব-বিকশিত চহৰ নিৰ্মাণ কৰাত মনোযোগ দিছে, কিয়নো তাত দহ বছৰতকৈ কম সময়ৰ ভিতৰত এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব পৰা যাব। ইয়াৰ বিপৰীতে মঙল গ্রহত এই কাম সম্পূর্ণ কৰিবলৈ ২০ বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হ'ব।' তেওঁ কয়, স্পেচ এক্সৰ অভিযানৰ অৰ্থ হ'ল মানৱ জীৱন তৰাৰ মাজলৈ প্ৰসাৰিত কৰা। তেওঁ কয়, 'মঙল গ্রহলৈ যাত্রা সম্ভব হয় যেতিয়া প্রতি ছমাহৰ মূৰত পৃথিৱীৰ একেবাৰে কাষ চাপে (ছমহীয়া ভ্রমণ সময়) তেতিয়া। কিন্তু আমি প্রতি দহ দিনৰ (দুদিনীয়া ভ্রমণ কাল) মূৰে মূৰে চন্দ্ৰলৈ যাত্ৰা কৰিব পাৰিম। ইয়াৰ অৰ্থ হ'ল আমি মঙল গ্রহ মহানগৰতকৈ চন্দ্ৰ মহানগৰ অধিক কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰিম। তেওঁ লগতে প্রকাশ কৰে যে অহা কেই বছৰমানত স্পেচ এক্সে চন্দ্ৰৰ পাছত মঙল গ্রহতো মহানগৰ স্থাপনৰ প্ৰস্তুতি আৰম্ভ কৰিব। তেওঁ কয়, 'আমি মঙল গ্ৰহৰ তুলনাত চন্দ্ৰত নিচেই অধিক কম সময়ৰ ভিতৰত মহানগৰ নিৰ্মাণৰ কাম কৰিব পাৰিম।' তেওঁ কয় যে স্পেচ এক্সে অহা ৫-৭বছৰৰ ভিতৰত এই কাম আৰম্ভ কৰিব, কিন্তু তেওঁলোকে প্রথমে অগ্রাধিকাৰ দিব সভ্যতাক সুৰক্ষিত কৰা আৰু মানুহক চন্দ্রলৈ নিয়া। উল্লেখযোগ্য যে চন্দ্ৰপৃষ্ঠৰ কিছুমান স্থানত অহৰহ সূৰ্যৰ ৰশ্মি পৰে আৰু পানীও বৰফৰ ৰূপত পোৱা যায়। স্পেচ এক্সে ইয়াক 'মুন বেছ আলফা' বুলি অভিহিত কৰিছে।
স্পেচ এক্সে চন্দ্ৰত পৃথিৱীৰ উপনিৱেশ স্থাপন কৰাৰ কামত কোম্পানীটোৰ শক্তিশালী ৰকেট ষ্টাৰশ্বিপ ব্যৱহাৰ কৰিব। এই মহানগৰখনে নিজে পানী, অক্সিজেন, খাদ্যৰ ব্যৱস্থা কৰিব আৰু ৰবটৰ জৰিয়তে বিস্তাৰ কৰা হ'ব। আন কথাত এই মহানগৰখনত ভৱিষ্যতে বাস কৰিবলগীয়া লোকসকলে পৃথিৱীৰ ওপৰত নিৰ্ভৰশীল নহ'ব। কিন্তু জোনবাইৰ দেশত মানুহক সুৰক্ষিতভাৱে বাস কৰোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব তেজস্ক্রিয় বিকিৰণৰ পৰা ৰক্ষা কৰা, চন্দ্ৰৰ পৃথিৱীৰ তুলনাত মাধ্যাকর্ষণ শক্তি কম হোৱাটো আৰু সম্পদৰ সংগ্ৰহ কৰাটো।