মুখ্যমন্ত্রীয়ে দিলে তথ্য বিশ্বত তেলৰ সংকটৰ সময়ত উৎপাদনেৰে 'অইল'ৰ অভিলেখ

dainik janambhumi March 29, 2026

ডিজিটেল ডেস্ক: 'শেহতীয়াকৈ পশ্চিম এছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি বৃদ্ধি পাইছে ইন্ধনৰ দাম, ব্যাহত হৈছে যোগান শৃংখলা। তথাপি ভাৰতৰ শক্তিখণ্ড সুদৃঢ় আৰু সুস্থিৰ হৈ আছে। ইয়াত অন্তর্নিহিত হৈ আছে এক শক্তিশালী নীতি, য'ত অসমৰো আছে এক বিৰাট ভূমিকা।'- এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। 

কালি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'পশ্চিম এছিয়াত হোৱা সংঘাতৰ বাবে বিশ্বজুৰি খাৰুৱা তেল আৰু গেছৰ বজাৰত সৃষ্ট অনিশ্চয়তাৰ ফলত উৎপাদন, শোধন আৰু যোগান শৃংখলা প্ৰভাৱিত হৈছে যদিও ভাৰতে সুস্থিৰ যোগান ব্যৱস্থা, মূল্য নিয়ন্ত্ৰণ আৰু শক্তিখণ্ডৰ পৰিসৰ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই দিশত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি এক উল্লেখযোগ্য সাফল্য হিচাপে অসমৰ পৰা আত্মপ্রকাশ কৰা অইল ইণ্ডিয়া লিমিটেডে যোৱা ২৬ মাৰ্চত ১,৪৭,১৫৯ বি অ'ই দৈনিক উৎপাদনৰ সর্বোচ্চ উৎপাদনৰ ইতিহাস ৰচিলে। ইয়াৰ আঁৰত আছে অভিলেখসংখ্যক ৭৩টা কুঁৱা খনন, ৩০০ উৎপাদন গোটৰ মেৰামতি আৰু পৰিচৰ্যা, তৈল ক্ষেত্ৰসমূহত কাৰ্যকৰী দক্ষতা বৃদ্ধি। লগতে একেদিনাই ৮০,০৬০ বেৰল ক্রুড অইল উৎপাদনৰ অভিলেখ আছিল যোৱা ১০ বছৰৰ ভিতৰত সর্বোচ্চ দৈনিক উৎপাদন।' 

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, 'এয়া এটি প্রতিষ্ঠানৰ একক সাফল্য নহয়। ভাৰতৰ ৰাজহুৱা খণ্ডৰ শক্তি ব্যৱস্থাপনাতো এক নতুন গতিৰ প্ৰতিফলন। নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰা আৰম্ভ কৰি আন ৰাজহুৱা প্রতিষ্ঠানসমূহতো বিশ্বজুৰি প্ৰতিকূলতাৰ মাজতো স্বদেশী শক্তি ক্ষমতা বৃদ্ধি পাইছে। ইয়াৰ ফলত উন্নত শক্তি সুৰক্ষা, বৈশ্বিক পৰিঘটনাৰ প্ৰভাৱৰ প্ৰতি তুলনামূলকভাবে কম শংকা, স্বদেশী উৎপাদনত উৎসাহৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ভাৰত দ্রুতগতিত আগুৱাইছে।' 

মুখ্যমন্ত্রী ড° শর্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অসমে শক্তিখণ্ডৰ গৱেষণা, উৎপাদন আৰু শোধনাগাৰৰ বিকাশৰ বাবে প্রয়োজনীয় পৰিৱেশ, আন্তঃগাঁথনি আৰু নীতিগত সমর্থন প্রদান কৰি আহিছে আৰু ভাৰতৰ শক্তিখণ্ডক অধিক শক্তিশালী কৰি আছে বুলিও অৱগত কৰে। তেওঁ কয়- 'ভাৰতৰ বিকাশ যাত্রাত অসম এতিয়া অগ্রণী, সক্রিয় আৰু শক্তিশালী অংশীদাৰ।'

Share This