লাভলীনাৰ একাডেমিলৈ ২ কোটি 

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীৰ বৰচন্দ্ৰত অলিম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁয়ে নিজৰ প্ৰচেষ্টাত স্থাপন কৰা 'লাভলীনা বক্সিং একাডেমি'টো উদ্বোধন কৰে। প্রতিকূল পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ মাজেৰে অসমৰ এখন গাঁৱৰ পৰা গৈ অলিম্পিক পদক জয়েৰে দেশ আৰু ৰাজ্যক গৌৰৱান্বিত কৰা লাভলীনাই এতিয়া তেওঁৰ একাডেমিৰ উন্নত প্রশিক্ষণ লৈ অসমৰ নতুন বক্সাৰসকলেও যাতে বিশ্ব জয়ৰ লক্ষ্যত উপনীত হ'ব তাৰেই সপোন দেখিছে। স্বাভাৱিকতে সকলো আধুনিক সুবিধা থকা 'লাভলীনা বক্সিং একাডেমি'য়ে অসমৰ দীর্ঘদিনীয়া এটা অভাৱ পূৰ্ণ কৰাৰ লগতে উত্তৰ-পূবৰ তৃণমূল পৰ্যায়ৰ পৰা যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু বিশ্ব মানৰ বক্সিং প্রতিভা জন্ম দিয়াৰ দিশত প্রচেষ্টা চলাব আৰু এই প্রশিক্ষণ কেন্দ্ৰ ইয়াৰে এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। 

উল্লেখযোগ্য যে প্রয়োজনীয় সা-সুবিধাৰে সম্পূৰ্ণ সু-সজ্জিত জিমনেছিয়ামৰ সৈতে নিৰ্মাণ কৰা এইটোৱে হৈছে গুৱাহাটীৰ প্ৰথমটো বক্সিং একাডেমি। মুখ্যমন্ত্রী ড° শৰ্মাই লাভলীনাৰ এই পদক্ষেপক প্রশংসা কৰি কয়, 'লাভলীনাই অলিম্পিক পদক জয়েৰে অসম আৰু ভাৰতলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই অনাই নহয়, অগণন উচ্চাকাংক্ষী খেলুৱৈৰ বাবেও প্ৰেৰণাৰ ৰেঙনি হৈ পৰিছে। লাভলীনা বক্সিং একাডেমি মুকলি হোৱাত তৃণমূল পর্যায়ৰ প্ৰতিভাক সুযোগ দি সুন্দৰকৈ লালন-পালনৰ মাজেৰে আমাৰ ৰাজ্যৰ বক্সিঙৰ ভৱিষ্যৎগঢ় দিয়াত নিঃসন্দেহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।' মুখ্যমন্ত্ৰীয়ে একাডেমিখনৰ উন্নয়নত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে প্ৰথমে দুই কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰে। ড° শর্মাই পর্যায়ক্রমে হোষ্টেল নির্মাণতো সহায় কৰাৰ কথা কয়। মুখ্যমন্ত্রী শর্মাই লগতে প্রশিক্ষক কৰ্মচাৰীৰ সৈতে জড়িত খৰচ আৰু একাডেমি সম্প্ৰসাৰণৰ ক্ষেত্রতো লাভলীনাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 

ইফালে, একাডেমিখন স্থাপনৰ যাত্রা কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে ব্যক্ত কৰি লাভলীনাই কয়, 'মই ২০২১ চনত এই ভূমিখিনি ক্ৰয় কৰিছিলোঁ। আনহাতে, ২০২৪ চনৰ অলিম্পিকৰ পাছত একাডেমি স্থাপনৰ চিন্তাটো মনলৈ আহিল। নিজৰ খৰচেৰে সকলো নিৰ্মাণৰ কাম সমাধা কৰি নতুন খেলুৱৈকসকলক এই একাডেমিখন উৎসর্গা কৰিছোঁ। একাডেমিত মই । কিছুমান বেগৰ সৈতে এটা মানসম্পন্ন বক্সিং ৰিং স্থাপন কৰিছোঁ। লগতে আমি সকলোৰে বাবে এটা জিমৰো ব্যৱস্থা কৰিছোঁ। মোৰ দৃষ্টিভংগী হৈছে যুৱক-যুৱতীসকলক সবল কৰি তোলা আৰু তৃণমূল পর্যায়ত এনে এখন মঞ্চ প্ৰদান কৰা য'ত তেওঁলোকে নিজৰ সপোন পূৰণ কৰিব পাৰে আৰু যিমান পাৰে সিমান সফলতা লাভ কৰিব পাৰে। মোৰ সপোন হৈছে ২০২৮ চনৰ ভিতৰত এই একাডেমিৰ পৰা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিব পৰা সুদক্ষ বক্সাৰ তৈয়াৰ কৰাৰ লগতে ভাৰতক অলিম্পিক তথা বিশ্ব চেম্পিয়নশ্বিপত পদক দিব পৰা অসমৰ বক্সাৰ জন্ম দিয়া।' একাডেমিত আৰম্ভণিতে তিনিটা বয়স শাখা ৰখা হৈছে। আঠৰ পৰা ১২ বছৰ, ১৩-ৰ পৰা ১৮ বছৰ আৰু ১৮ বছৰ ওপৰৰ। খেলুৱৈৰ মাহিলি মাচুল মাত্র পাঁচশ টকা। অনুষ্ঠানত ক্রীড়া মন্ত্রী নন্দিতা গার্লোছা, আৰক্ষী আয়ুক্ত হৰমীট সিং, লাভলীনাৰ পিতৃ-মাতৃ টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁই আদিৰ লগতে কেইবাগৰাকীও আন্তর্জাতিক বক্সাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক উপস্থিত থাকে।

Share This