প্রধানমন্ত্রীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ, ২০২৮ চনত সম্পূৰ্ণ হ'ব নামৰূপৰ নতুন সাৰ কাৰখানা

dainik janambhumi June 26, 2026

ডিজিটেল ডেস্ক : নামৰূপত নতুন এমনিয়া ইউৰিয়া প্রকল্প স্থাপনৰ কাম দ্রুতগতিত আগবাঢ়িছে। প্রায় ১১,০০০ কোটি টকা ব্যয়সাপেক্ষ এই বৃহৎ সাৰ কাৰখানা প্রকল্পটো ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত আশাৰ পোহৰ বিলাইছিল নামৰূপে। তাৰ পাছত বহু বছৰ নীৰৱতা। এতিয়া পুনৰ উজলিছে নামৰূপ। ১১ হাজাৰ কোটি টকাৰ ইউৰিয়া প্ৰকল্পই কৃষকক দিব শক্তি, যুৱকক দিব সুযোগ আৰু ভাৰতক কৰিব অধিক আত্মনিৰ্ভৰ। যি প্রকল্প এসময়ত পিছুৱাই ৰখা হৈছিল, আজি সেয়াই উন্নয়নৰ নতুন প্রতীক।' নতুন প্রকল্পটোৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয় যে 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে নতুন নামৰূপ।' 

উল্লেখযোগ্য যে নতুন ইউৰিয়া কাৰখানাটো স্থাপন হ'লে সাৰ উৎপাদনত ভাৰত যথেষ্ট পৰিমাণে শক্তিশালী হ'ব। কিয়নো এই নতুন প্রকল্পটোৰ পৰা বছৰি ১২.৭লাখ মেট্রিকটন ইউৰিয়া উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলে সময়মতে ইউৰিয়া লাভ কৰিব। একেদৰে সাৰৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ ওপৰত নিৰ্ভৰশীলতাও হ্রাস পাব। আনহাতে, এই প্রকল্পই প্রত্যক্ষ আৰু পৰোক্ষ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে স্থানীয় অর্থনীতিত নতুন গতি সঞ্চাৰ কৰিব বুলিও আশা প্রকাশ কৰা হৈছে। 

প্রণিধানযোগ্য যে দীর্ঘদিনৰ অপেক্ষাৰ অন্তত বিগত বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাৰ কাৰখানাটোৰ নতুন গোট নির্মাণ হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছিল। ইয়াৰ পাছত যোৱা বৰ্ষৰ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামৰূপত উপস্থিত হৈ নতুন প্রকল্পটোৰ শিলান্যাস কৰিছিল।

Share This