বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৩.৫০ টকা বৃদ্ধি

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক: মধ্য প্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ইন্ধন আৰু ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হোৱাৰ সময়ত ভাৰতত ১৯ কিল'গ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম আজি পুনৰ বৃদ্ধি কৰা হয়। ইয়াৰ লগতে ৫ কিল'গ্ৰামৰ সৰু চিলিণ্ডাৰৰ দামো বৃদ্ধি পায়। 

চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই কালিৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজিক চিলিণ্ডাৰৰ দাম প্ৰতিটোত ৫৩.৫০ টকাকৈ বৃদ্ধি কৰে। অৱশ্যে দাম বিভিন্ন মহানগৰত বিভিন্ন হাৰত বৃদ্ধি পায়। দিল্লীত প্রতিটোত ৪২ টকা বৃদ্ধি পাই ৩,১১৩.৫০ টকা, কলকাতাত ৫৩.৫০ টকা বৃদ্ধি পাই ৩,২৫৫.৫০ টকা হয়গৈ। চলিত বছৰত বাণিজ্যিক চিলিণ্ডাৰৰ দামে সৰ্বকালৰ অভিলেখৰ সৃষ্টি কৰে। 

কালি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে হোটেল, ৰেস্তোৰাঁ, ধাবা আৰু আন ব্যাৱসায়িক প্রতিষ্ঠানসমূহক পুনৰ মাধমাৰ শোধালে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি ঘটোৱা হোৱা নাই। মন কৰিবলগীয়া যে চলিত বছৰৰ আৰম্ভণিৰ পৰাই বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰি অহা হৈছে। 

জানুৱাৰীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১,৬৯১.৫০ টকা। ইয়াৰ পাছত ফেব্ৰুৱাৰীত ৪৯ টকা, মাৰ্চত ১১৫ টকা, এপ্রিলত ১৯৫.৫০ টকা আৰু মে' মাহত ৯৯৩ টকা বৃদ্ধি কৰাৰ পাছত কালি পুনৰ বৃদ্ধি কৰা হয়। আন কথাত যোৱা ছমাহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্রায় ৯৭% অর্থাৎ দুগুণ বৃদ্ধি পায়। ইয়াৰ ফলত হোটেলৰ খাদ্যৰ লগতে আন কিছুমান সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পোৱাৰ আশংকা আছে। ইফালে ৫ কিল'গ্ৰামৰ সৰু চিলিণ্ডাৰৰ দামো কালি পুনৰ বৃদ্ধি কৰা হয়। 

দিল্লীত কালি প্রতিটোত ১১ টকাকৈ বৃদ্ধি কৰা হয়। ফলত প্ৰতিটোৰ দাম ৮২১.৫০ টকালৈ বৃদ্ধি পায়। সৰু চিলিণ্ডাৰৰ দাম বৃদ্ধিয়ে বিশেষকৈ প্ৰৱাসী শ্রমিকসকলক প্ৰভাৱিত কৰিব। মন কৰিবলগীয়া যে ইৰান যুদ্ধৰ ফলত বিভিন্ন সামগ্ৰীৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে। মিঠাতেলৰ দাম প্রতি মেট্রিক টনত ১৫,৮৭৫ টকা, মচুৰ দাইলৰ দাম ১.৫৩% বৃদ্ধি পাইছে।

Share This