বাণিজ্যিক এল পিজি চিলিণ্ডাৰৰ দাম ১০ টকা বৃদ্ধি

dainik janambhumi November 02, 2026

ডিজিটেল ডেস্ক : দীপাৱলীৰ আগে আগে হোটেল, ৰেস্তোৰাঁ আৰু ধাবাৰ ব্যৱসায় কৰাসকল দাম বৃদ্ধিৰ আন এক মাধমাৰৰ সন্মুখীন হয়। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীকেইটাই শনিবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিল'গ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোত ১০ টকাকৈ বৃদ্ধি কৰে। ইয়াৰ পাছত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হয়গৈ ২,৮২০ টকা। অৱশ্যে কিছুমান স্থানত প্রতিটো চিলিণ্ডাৰৰ দাম ৩ হাজাৰ টকাৰ অধিক হৈছে। 

উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল ১৭৪০.৫০ টকা। জুনত সর্বাধিক ৩,১১৩.৫০ টকা হৈছিল। ইয়াৰ পাছত দাম হ্রাস কৰা হয়, কিন্তু ছেপ্টেম্বৰ আৰু অক্টোবৰত পুনৰ দাম বৃদ্ধি কৰা হয়। যোৱা ১ অক্টোবৰৰ পৰা এতিয়ালৈকে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৬২.৫০ টকা বৃদ্ধি পাইছে। ইয়াৰ আগতে জুলাইত ১৮৩.৫০ টকা আৰু আগষ্টত ১৯২ টকা হ্রাস কৰা হৈছিল। ইফালে বিমানৰ ইন্ধনৰ দামো আজিৰ পৰা প্ৰতি লিটাৰত ১.৩৭ টকাকৈ বৃদ্ধি কৰা হৈছে।

Share This