সুনীতা উইলিয়াম্‌ছৰ সুৰক্ষাক লৈ উদ্বেগ ,আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৫০টা ফাট

Dainik Janambhumi November 19, 2024

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত সৃষ্টি হোৱা কেইবাটাও ছিদ্রই তাত আবদ্ধ হৈ থকা ভাৰতীয়মূলৰ আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়াম্‌ছ আৰু তেওঁৰ সহযোগী বুচ উইলম'ৰৰ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে তেওঁলোক দুয়ো ষ্টাৰলাইনাৰ মহাকাশযানত দেখা দিয়া বিজুতিৰ বাবে মহাকাশ কেন্দ্ৰটোত আবদ্ধ হৈ আছে। সুনীতাৰ স্বাস্থ্যক লৈ উদ্বেগৰ সৃষ্টি হোৱাৰ সময়তে মহাকাশ কেন্দ্রটোত সৃষ্টি হোৱা ছিদ্রই এতিয়া চিন্তা অধিক বৃদ্ধি কৰিছে।

 নাছাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মহাকাশ কেন্দ্ৰটোত সৰু-সুৰা ছিদ্র তথা ফাট কেইবা বছৰৰ পৰা হৈ আছে। কিন্তু শেহতীয়াকৈ ফাট তথা ছিদ্র দ্রুত গতিত বৃদ্ধি পোৱাতোৱে উদ্বেগৰ সৃষ্টি কৰিছে। নাছাৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি মহাকাশ কেন্দ্রটোত ৫০টাতকৈ অধিক ফাটৰ সৃষ্টি হৈছে আৰু এই বোৰেদি লিকেজো হৈ আছে। মহাকাশ কেন্দ্ৰটোৰ ইমানেই গুৰুতৰ লোকচান হৈছে যে এতিয়া তাত মহাকাশচাৰীৰ নিৰাপত্তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে। ই মহাকাশ কেন্দ্ৰটোৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰা বুলি নাছাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

নাছাৰ মতে, যদি এইবোৰৰ মেৰামতিৰ বাবে এতিয়াই ব্যবস্থা গ্রহণ কৰা নহয়, তেতিয়া তাত থকা মহাকাশচাৰীৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিব। উল্লেখযোগ্য যে সুনীতা আৰু উইলম'ব যোৱা ১৩ জুনতে পৃথিৱীলৈ উভতি অহাৰ কথা আছিল, কিন্তু মহাকাশযানখনত দেখা দিয়া বিজুতিৰ বাবে তেওঁলোকৰ প্ৰত্যাৱৰ্তন পিছুৱাই দিয়া হয়। এতিয়া তেওঁলোক অহা বছৰ উভতি অহাৰ কথা।

Share This