ডিজিটেল ডেস্ক : অহা ৯ মাৰ্চৰ পৰা সংসদত বাজেট অধিৱেশন পুনৰ আৰম্ভ হ'ব। এই বাজেট অধিৱেশনৰ দ্বিতীয় সত্ৰ ৯ মাৰ্চৰ পৰা ২ এপ্রিললৈকে চলিব। এই বাজেট অধিৱেশনৰ সময়তে লোক সভাৰ অধ্যক্ষ ওম বিৰলাক পদৰ পৰা অপসাৰণ বিচাৰি বিৰোধী দলবোৰে অনাস্থা প্রস্তাৱ দাখিল কৰিব। সেইবাবে শাসক বিজেপি আৰু বিৰোধী কংগ্ৰেছে শুকুৰবাৰে দলীয় লোক সভাৰ সাংসদক লৈ তিনি তৰপীয়া হুইপ জাৰি কৰে। বাজেট অধিৱেশনৰ দ্বিতীয় সত্ৰৰ সময়ত বিৰোধী দলবোৰে ৯ মাৰ্চৰ পৰা ১১ মাৰ্চৰ ভিতৰত অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনিব। ইয়াৰ পৰিপ্ৰেক্ষিতত শাসক বিজেপি আৰু বিৰোধী কংগ্ৰেছে দলীয় লোক সভাৰ সকলো সাংসদক ৯-১১ মার্চ তাৰিখত সদনত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ প্রথম সত্র যোৱা ১৩ ফেব্ৰুৱাৰীত অন্ত পৰিছিল।
সেই প্রথম সত্ৰৰ সময়ত আমেৰিকা-ভাৰতৰ অন্তৰ্ৱৰ্তী বাণিজ্য চুক্তিক লৈ সংসদত শাসক-বিৰোধীৰ মাজত তীব্র বাক-বিতণ্ডা হৈছিল। তদুপৰি সেনাৰ প্ৰাক্তন মুৰব্বী মনোজ নৰৱানেৰ এখন অপ্রকাশিত গ্ৰন্থৰ তথ্যক লৈও উত্তপ্ত বিতর্ক চলিছিল শাসক-বিৰোধীৰ। আনহাতে, বাজেট অধিৱেশনৰ এই সত্ৰৰ সময়ত অধ্যক্ষ ওম বিৰলাৰ পক্ষপাতমূলক ভূমিকা লোৱা বুলি বিৰোধী পক্ষই গুৰুতৰ অভিযোগ আনিছিল। লক্ষণীয় বিষয়টো হ'ল, ২০২০ চনত চীনৰ সৈতে লাডাখত ভাৰতৰ সংঘাতৰ বিষয়ক লৈ আঠজন বিৰোধী সাংসদে অধ্যক্ষই পক্ষপাতমূলক ভূমিকা লোৱা বুলি অভিযোগ কৰি অধ্যক্ষৰ আসনৰ সন্মুখলৈ কাগজ দলিয়াইছিল।
বিভিন্ন বাক-বিতণ্ডাৰ পাছত যোৱা ৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্রস্তাৱ গৃহীত কৰা হয়। আনহাতে, অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ প্ৰেৰণ কৰে। ইয়াৰ প্রতিক্রিয়াত অধ্যক্ষ ওম বিৰলাই কয় যে তেওঁৰ বিৰুদ্ধে দাখিল কৰিব লগা অনাস্থা প্রস্তাৱটো নিষ্পত্তি নোহোৱালৈকে তেওঁ লোক সভাৰ অধ্যক্ষৰ আসনত নবহে। ৯-ৰ পৰা ১১ মাৰ্চৰ ভিতৰত অধ্যক্ষ বিৰলাৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দাখিল কৰিব বিৰোধীয়ে আৰু সেইবাবেই শাসক-বিৰোধীয়ে এই বিষয়ত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে।