ডিজিটেল ডেস্ক : নীটকে ধৰি ( বিভিন্ন পৰীক্ষাত অনিয়ম আৰু ভাৰতীয় শিক্ষা পদ্ধতিত দুর্নীতিৰ অভিযোগ তুলি দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে 'ছাত্রোঁ কী গুঞ্জ' (ছাত্ৰৰ প্ৰতিনিধি) শীর্ষক ৰাষ্ট্ৰীয় অভিযানৰ এটা অংশ হিচাপে বৃহস্পতিবাৰে দেশৰ বিভিন্ন অংশত সংবাদমেল অনুষ্ঠিত কৰে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্রকাশ কৰা মতে, দেশজুৰি ২৮গৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই প্ৰেছ মেলক সম্বোধন কৰে। ছাত্র সমাজ আৰু শিক্ষা পদ্ধতিৰ প্ৰতি অহা উদ্বেগৰ বিষয়টোক আলোকপাত কৰে কংগ্ৰেছৰ নেতাসকলে। ভাৰতৰ শৈক্ষিক ব্যৱস্থাত সংস্কাৰ অনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰজুৰি এটা বিতর্ক আৰম্ভ কৰিবলৈ এই অভিযানৰ লক্ষ্য নির্ধাৰণ কৰিছে কংগ্ৰেছে। দেশৰ ২৮খন মহানগৰত অনুষ্ঠিত হোৱা কালিৰ সংবাদমেলত গৌৰৱ গগৈয়ে দিল্লীত, সতেজ পাটিলে আহমেদাবাদত, পৱন খেৰাই ভুৱনেশ্বৰত সাংবাদিকক সম্বোধন সংস্কাৰ অনাৰ ক্ষেত্রত কৰে।
কংগ্ৰেছে অভিযোগ কৰে যে যোৱা ১২ বছৰত কেন্দ্ৰীয় চৰকাৰে শিক্ষা খণ্ডক ব্যক্তিগতকৰণ, কেন্দ্ৰীভূতকৰণতহে গুৰুত্ব দিলে। দেশৰ ভৱিষ্যৎ ছাত্র সমাজৰ বাবে চৰকাৰে একো নকৰিলে। ইয়াৰ বাবেই আজিৰ তাৰিখত দেশত নিৱনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে। আনহাতে, দেশজুৰি চলি থকা 'ছাত্রোঁ কী গুঞ্জ' অভিযানৰ অংশ হিচাপে আজি দিল্লীত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈয়ে শিক্ষা মন্ত্রী ধর্মেন্দ্র প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰে। গগৈয়ে অভিযোগ কৰে যে বাৰে বাৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু শিক্ষা ব্যৱস্থাৰ কথিত পদ্ধতিগত ব্যর্থতাৰ বাবে দেশৰ লাখ লাখ শিক্ষার্থীৰ ভৱিষ্যৎ সংকটৰ সন্মুখীন হৈছে।