উজনি-নামনি-উত্তৰ-মধ্য অসমৰ অৱস্থা পৰ্যবেক্ষণৰ বাবে দল গঠন, ষ্ট্ৰং ৰূমৰ সুৰক্ষাক লৈ সন্দিহান কংগ্রেছ

dainik janambhumi April 24, 2026

ডিজিটেল ডেস্ক: ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে ষ্ট্ৰং ৰূমক লৈ শংকা বৃদ্ধি পাইছে কংগ্ৰেছৰ। ভোট গণনাৰ সময়ত বা তাৰ আগতে ষ্ট্ৰং কমৰ সুৰক্ষাৰ দিশত সতৰ্কতা অৱলম্বন কৰিবলৈ বিশেষ পদক্ষেপ গ্রহণ কৰিছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে। 

প্রদেশ কংগ্ৰেছ কমিটীয়ে ভোট গণনাৰ সময়ত যাতে কোনোধৰণৰ খেলিমেলি সংঘটিত হ'ব নোৱাৰে আৰু ষ্ট্ৰং ৰূমসমূহৰ সুৰক্ষাৰ দিশ চাবলৈ ৰাজ্যৰ জিলাসমূহ পৰিদৰ্শনৰ বাবে ৭টা গোট গঠন কৰি দায়িত্বপ্রাপ্ত জিলাসমূহলৈ দলৰ নেতাসকলক যাবলৈ নির্দেশ দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আৰু অসম প্রদেশ কংগ্ৰেছৰ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ আলোচনামৰ্মে প্রতিনিধি দলসমূহক সংশ্লিষ্ট জিলাসমূহৰ ষ্ট্ৰং ৰূমসমূহ পৰিদৰ্শন কৰাৰ লগতে দলীয় প্রার্থীসকলক সাক্ষাৎ আৰু জিলা প্ৰশাসনৰ সৈতে মত-বিনিময় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 

অহা ২৫ এপ্ৰিলৰ পৰা এই ভ্রমণসূচী আৰম্ভ হ'ব। উজনি অসমৰ জিলাসমূহৰ দায়িত্বত থাকিব দেৱব্ৰত শইকীয়া, বাজু চাহু, উৎপল গগৈ, ৰাজকুমাৰ নীলনেত্ৰ নেওগ, ডেভিদ ফুকন আৰু মৃত্যুঞ্জয় দুৱৰা। তেওঁলোকে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিব। উত্তৰপাৰৰ জিলাসমূহৰ বাবে ৰিপুন বৰা, ঘন বুঢ়াগোহাঁই, জে পি দাস, শৈলেন সোণোৱাল, কর্তিক কুর্মি, শংকৰ কুটুম, মেঘনাথ চেত্রী আৰু বিপুল বৰাক দায়িত্ব দিয়া হৈছে। মধ্য অসমৰ দায়িত্বত থাকিব শিৱামণি বৰা, দিগন্ত বৰ্মন, সত্যব্রত কলিতা, মীৰা বৰঠাকুৰ গোস্বামী, স্বপন কৰ, মৃণাল হাজৰিকা, আক্ৰাম হুছেইন। 

পাহাৰীয়া অঞ্চল, নিৰ্মল লাংথাছা, ৰতন ইংতি, আগষ্টিন ইংতি, অশোক টেৰন, পল্লৱ চেতিয়া আৰু চৰলংকি ইংতি। তেওঁলোকে মধ্য অসমৰ বাবে দায়িত্ব প্রাপ্ত গোটে হোজাই, নগাঁও, মৰিগাঁও, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰীৰ আৰু পাহাৰীয়া অঞ্চলৰ দায়িত্বত থকা গোটে কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলা পর্যবেক্ষণ কৰিব। নামনি অসমৰ বাবে ৰকিবুল হুছেইন, প্রদীপ সৰকাৰ, এ কে ৰছিদ আলম, দীপ বায়ন, গজেন্দ্র উপমন্যু, অৰুণ তিৱাৰী আৰু মুস্তাফা খাদ্দাম হুছেইনক মনোনীত কৰা হৈছে। তেওঁলোকে বৰপেটা, বঙাইগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, গোৱালপাৰা আৰু বজালী জিলা ভ্রমণ কৰিব। বৰাক উপত্যকাত অজিত সিং, অভিজিৎ পাল, আমিনুল ইছলাম, বিশ্বজিৎ ঘোষ, বদৰুল বৰভূঞা, পাপন দেব, প্রদীপ গোৱালা আৰু হুছেইন আহমেদ চৌধুৰীয়ে দায়িত্ব পালন কৰিব। 

বি টি এ ডি অঞ্চলৰ বাবে মেহেদী আলম বৰা, বুদ্ধদেৱ ফন্দংগাৰী, চোহেন ব্রহ্মা, ভবনাথ নাথ, ষ্টিফেন লাক্রা, উমেশ ডেকা, দীপক কলিতা আৰু সত্যনাথ কলিতাক দায়িত্ব অর্পণ কৰা হৈছে। অসম প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাই এক জাননীযোগে এই নির্দেশনা প্রদান কৰিছে।

Share This