ডিজিটেল ডেস্ক: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে টিহুতো ৰন্ধন গেছৰ ক্ষেত্রত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বিগত কেইবাদিনো ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে ৰাইজে টিহুৰ গণেশ গেছ এজেঞ্চীৰ টিহু এফ চি আইৰ সমীপত থকা গুদামৰ সন্মুখত কাহিলি পুৱাৰে পৰা সন্ধিয়ালৈ শাৰীপাতি থাকিবলৈ বাধ্য হৈছে।
বৰষুণ চলি থকা সময়তো ৰাইজে তিতি-বুৰি শাৰী পাতিছে একমাত্ৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে। কিছুদিন আগলৈকে টিহুৰ গণেশ গেছ এজেঞ্চীয়ে টিহু নগৰকে ধৰি গ্রামাঞ্চলৰ বিভিন্ন নিৰ্ধাৰিত স্থানত চিলিণ্ডাৰ যোগান ধৰি ৰাইজক সকাহ দি আহিছিল। ৰাইজেও ঘৰৰ ওচৰতে গেছ চিলিণ্ডাৰ লাভকৰি স্বস্তিৰে উশাহ লৈছিল। কিন্তু চলিত মাহৰ আৰম্ভণিৰ পৰা হঠাতে চিলিণ্ডাৰৰ কি এনে অৱস্থা হ'ল, যাৰ বাবে চিলিণ্ডাৰসমূহ আগতীয়াকৈ বুক কৰাৰ পাছতো পূৰ্বৰ নিৰ্ধাৰিত স্থানৰ পৰিৱৰ্তে গুদামৰ সন্মুখত শাৰীপাতি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল।
কালিও পুৱাৰে পৰা বৰষুণ চলি থকাৰ মাজতো টিহুৰ বিভিন্ন প্রান্তৰ প্ৰায় ২৫০-৩০০ লোকে গণেশ গেছ এজেঞ্চীৰ গুদামৰ সন্মুখত বৰষুণত তিতি-বুৰি শাৰীপাতি থাকিবলৈ বাধ্য হৈছে একমাত্র গেছভর্তি চিলিণ্ডাৰ এটা পোৱাৰ আশাত। আনহাতে, একাংশ লোকে ৰন্ধন গেছৰ নাটনি হ'ব বুলি অতিৰিক্তভাৱে সংগ্ৰহ কৰি ৰখা বুলিও জানিব পৰা গৈছে। তদুপৰি একাংশ গ্রাহকে পূৰ্বৰ দৰে গাঁৱে গাঁৱে গেছ চিলিণ্ডাৰ বিতৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। দৈনন্দিন অত্যাৱশ্যকীয় ৰন্ধন গেছৰ ক্ষেত্রত এনে জটিল পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতো টিহুৰ বিভিন্ন দল, সংগঠন, উন্নয়ন সমিতিসমূহে বিষয়টোৰ সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ নলৈ নিমাতে থকাত টিহুৰ ৰন্ধন গেছৰ গ্ৰাহক সমাজ চিন্তিত হৈ পৰিছে।