সোণতলীত মথাউৰি পৰ্কীকৰণৰ নামত চৰম দুর্নীতি

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সোণতলীৰ পৰা ৰাংগাপানীলৈ যোৱা ই এগু ডি মথাউৰি পকীকৰণত ব্যাপক অনিয়ম আৰু দুর্নীতি সংঘটিতৰ বাবে এজাক বৰষুণতে পকী মথাউৰিৰ দুয়োকাষৰ বিভিন্ন অংশ খহি গৈছে। জানিব পৰা মতে, গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰিৰ সোণতলী চাৰিআলিৰ পৰা ৰাংগাপানী ভেটেনেৰীলৈ মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ অধীনত ২০২২ বর্ষত ৫ কিল'মিটাৰ পথ পকীকৰণৰ বাবে ধাৰ্য ৮ কোটি ৮১ লাখ ৬৮ হাজাৰ ৫০০ টকা আবণ্টন লাভ কৰে। উক্ত কামৰ নিবিদা লাভ কৰা পৰেশ কলিতা নামৰ ঠিকাদাৰে পথ পকীকৰণৰ নামত প্ৰথমৰে পৰা গাফিলতি আৰু চৰম দুর্নীতি সংঘটিত কৰিছিল। 


ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে বৰষুণৰ পানীত পকী পথৰ ছাইটবাম খহি পৰিছে। ইপিনে মথাউৰি মজবুত কৰাৰ পৰ্যাপ্ত পৰিমাণৰ মাটি, শিল-বালি সামগ্ৰী ব্যৱহাৰ কৰা নাছিল। বিভাগীয় অভিযন্তাসকলে নির্মাণস্থলীত উপস্থিত থাকি কামৰ তদাৰক নকৰাৰ বাবে ঠিকাদাবে নিজৰ খেয়াল-খুচি মতে নির্মাণকার্য সম্পন্ন কৰিছিল। ফলত মথাউৰিৰ দুয়োকাষে প্রকাণ্ড গাঁতৰ সৃষ্টি হোৱাত মাজে সময়ে পথ দুর্ঘটনা সংঘটিত হৈ আহিছে। 

আনহাতে, আগ বাৰিষাতে কোটিটকীয়া পকী মথাউৰিয়ে সমগ্র সোণতলী অঞ্চলৰ ৰাইজৰ মাজত তীব্র শংকাৰ সৃষ্টি কৰিছে। সোণতলীৰ পৰা ৰাংগাপানীলৈ যোৱা পকী মথাউৰিৰ ছাইটবাম পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে।

Share This