চলিত বর্ষত ৬.৫% বিকাশ দেশৰ জিডিপি, এছ এণ্ড পি গ্ল'বেলৰ প্ৰতিবেদনৰ তথ্য

dainik janambhumi November 25, 2025

ডিজিটেল ডেস্ক : বিশ্বৰ অর্থনীতি মন্থৰতা দেখাৰ সময়তে ভাৰতীয় অর্থনীতিয়ে দ্রুত গতিত আগবাঢ়ি গৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে আৰোপ কৰা ৫০% শুল্কয়ো ভাৰতীয় অর্থনীতিক বিশেষভাৱে প্ৰভাৱিত কৰিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় ৰেটিং এজেন্সীসমূহে ভাৰতীয় অর্থনীতিৰ প্রতি আস্থা প্রকাশ কৰি এনেদৰে কয়। 

 

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ৰেটিং এজেন্সী এছ এণ্ড পি গ্ল'বেলে দক্ষিণ-পূব এছিয়াক লৈ প্ৰকাশ কৰা এখন প্রতিবেদনত উল্লেখ কৰে যে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰ ৬.৫% হ'ব। প্রতিবেদনখনত লগতে এই কথাও উল্লেখ কৰা হৈছে যে অহা বিত্তীয় বর্ষত ভাৰতৰ উন্নয়নৰ হাৰ ৬.৭% হ'ব। প্রতিবেদনখনত লগতে কোৱা হৈছে যে জি এছ টিৰ হাৰ কৰ্তন আৰু ৰিজার্ভ বেংক ইণ্ডিয়াই মুদ্রানীতি শিথিল কৰাৰ ফলত ভাৰতৰ উপভোক্তাক ভিত্তি কৰা অর্থনীতি সঠিক পথত আগবাঢ়ি গৈছে। 

 

উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষৰ জুনত অন্ত পৰা প্ৰথম ত্রৈমাসিকত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰ আছিল ৭.৮%। ৰিজার্ভ বেংকে কৰা অনুমান মতে চলিত বিত্তীয় বৰ্ষত, ভাৰতৰ উন্নয়নৰ হাৰ ৬.৮% হ'ব। যোৱা বিত্তীয় বর্ষত এই হাৰ আছিল ৬.৫%।

Share This