ডিজিটেল ডেস্ক : ইৰান যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ ফলত দেশৰ অর্থনীতিয়ে সন্তুলন হেৰুৱাব পাৰে বুলি সতর্কবাণী শুনাই ভাৰতীয় ৰিজার্ভ বেংকে দেশৰ উন্নয়নৰ হাৰ হ্ৰাস পাব বুলি ব্যক্ত কৰিছে।
উল্লেখযোগ্য যে আৰ বি আয়ে তিনিমহীয়া মুদ্রা নীতি বৈঠকৰ পাছত কালি কয় যে পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে অনাগত মাহকেইটাত সৰ্বসাধাৰণৰ ওপৰত আৰু অধিক বোজা জাপি দিয়াৰ সম্ভাৱনা আছে। আৰ বি আয়ে আজি এই বুলি সতৰ্ক কৰি দিয়ে যে পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ প্ৰত্যক্ষ প্রভাৱ মুদ্রাস্ফীতিৰ ওপৰত পৰিব। ইয়াৰ ফলত মুদ্রাস্ফীতিৰ হাৰ ০.৩৬ শতাংশ বৃদ্ধি পাব।
আৰ বি আইৰ গভর্নৰ সঞ্জয় মালহোত্রাই মুদ্রা নীতি ঘোষণা কৰি কয় যে মে' মাহৰ পৰা এতিয়ালৈকে পেট্রলৰ দাম ৭.৪% আৰু ডিজেলৰ দাম ৮.৪% বৃদ্ধি পাইছে। পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ ইয়াতেই সীমিত হৈ নাথাকে, লাহে লাহে আন সামগ্রী তথা সেৱাৰ দামতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিৰ ফলত পৰিবহণ ব্যয়ো বৃদ্ধি পাব। ট্রাক, বাছ, টেক্সী আৰু সামগ্ৰী পৰিবহণৰ সেৱাৰ দাম বৃদ্ধিৰ লগতে বিভিন্ন সামগ্ৰীৰো দাম বৃদ্ধি পাব। ইয়াৰ প্ৰত্যক্ষ প্রভাৱ উপভোক্তাৰ ওপৰত পৰিব। আৰ বি আয়ে কয় যে ইন্ধনৰ দাম বৃদ্ধিৰ পৰোক্ষ প্ৰভাৱো দেখিবলৈ পোৱা যাব। আন কথাত কোম্পানীসমূহৰ উৎপাদন ব্যয়ো বৃদ্ধি পাব আৰু ইয়াৰ বোজাও গ্ৰাহকৰ ওপৰত জাপি দিয়া হ'ব।
কেন্দ্রীয় বেংকটোৱে মুদ্রা নীতি কমিটীৰ বৈঠকৰ পাছত কয় যে বিশ্বত শক্তিৰ দাম বৃদ্ধিৰ প্ৰভাৱ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ, ঔদ্যোগিক কেঁচা মাল, ৰসায়ন, ৰবৰ আৰু প্লাষ্টিকৰ সামগ্ৰীতো পৰিছে। এই সামগ্রীসমূহ বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰা হয়। এনে অৱস্থাত উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ ফলত উৎপাদিত সামগ্ৰীত পৰিব। ইয়াৰ ফলত মুদ্রাস্ফীতিৰ হাৰত চাপ বৃদ্ধি পাব। আৰ বি আইৰ মতে, ইৰান-আমেৰিকাৰ মাজত হোৱা যুদ্ধই বিশ্বৰ যোগান ব্যৱস্থাক প্ৰভাৱিত কৰে। ফলত খাৰুৱা তেল আৰু আন সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰে। ভাৰতে নিজৰ চাহিদাৰ অধিকাংশ তেল আমদানি কৰে। সেয়েহে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে ভাৰতীয় অর্থনীতি তথা মূল্য বৃদ্ধিত প্ৰভাৱ পেলাব। কেন্দ্ৰীয় বেংকটোৰ মতে, শক্তিৰ বৰ্ধিত দাম আৰু যোগানত সৃষ্টি হোৱা বাধাই অর্থনৈতিক কাম-কাজ প্রভাৱিত কৰিব, কিন্তু স্বস্তিৰ কথাটো হ'ল ঘৰুৱা চাহিদা এতিয়াও শক্তিশালী হৈ আছে আৰু উৎপাদনৰ লগতে নিৰ্মাণ তথা সেৱা খণ্ডৰ বিস্তাৰ হৈ আছে। তথাপি তেলৰ দাম দীর্ঘদিনলৈ বৃদ্ধি পাই থাকিলে মূল্য আৰু অধিক বৃদ্ধি পাব। ইয়াৰ ফলত সৰ্বসাধাৰণৰ ব্যয় বৃদ্ধি পাব, কোম্পানীসমূহৰ উৎপাদন ব্যয় বৃদ্ধি পাব আৰু অৰ্থনীতিৰ বিকাশৰ গতিতো ই প্ৰভাৱ পেলাব।
আৰ বি আইৰ মতে কেৱল বিশ্বৰ পৰিস্থিতিয়েই নহয়, বতৰো প্ৰধান উদ্বেগৰ বিষয় হৈ আছে। কেন্দ্রীয় বেংকটোৰ মতে, স্বাভাৱিক অৱস্থাতকৈ কম বৰষুণ আৰু এল নিনোৰ দৰে পৰিস্থিতিয়ে কৃষি উৎপাদনতো প্ৰভাৱ পেলাব। ইয়াৰ লগতে আৰ বি আয়ে কয় যে দেশৰ খাদ্য ভাণ্ডাৰত পৰ্যাপ্ত খাদ্য শস্য মজুত আছে আৰু জলাশয়সমূহত পর্যাপ্ত পানী মজুত আছে আৰু ইয়াৰ ফলত বহুখিনি সকাহ লাভ কৰিব পৰা যাব। বিশ্বৰ অনিশ্চিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত মুদ্রাস্ফীতিৰ হাৰ ৫.১% হ'ব বুলি অনুমান কৰে। ইয়াৰ আগতে এপ্ৰিলত এই হাৰ ৪.৬% হ'ব বুলি অনুমান কৰিছিল।
ইফালে ইৰান যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতীয় অর্থনীতিয়ে ভাৰসাম্য হেৰুৱাব পাৰে বুলিও আশংকা কৰা হৈছে। আৰ বি আইৰ মতে ইৰান যুদ্ধই ভাৰতীয় অর্থনীতিত চাপ বৃদ্ধি কৰিছে, যি দেশৰ উন্নয়নৰ হাৰক গভীৰভাৱে প্ৰভাৱিত কৰিব লাগে। আৰ বি আয়ে চলিত বিত্তীয় বৰ্ষত দেশৰ উন্নয়নৰ হাৰ ৬.৬% হ'ব বুলি অনুমান কৰিছে। ইয়াৰ আগতে এই হাৰ ৬.৯% হ'ব বুলি অনুমান কৰিছিল। মালহোত্রাই কয় যে চলিত বৰ্ষৰ প্ৰথম তিনি মাহত অর্থাৎ এপ্রিল-জুনত দেশৰ উন্নয়নৰ হাৰ ৬.৬% হোৱাৰ সম্ভাৱনা আছে। কিন্তু দ্বিতীয় তিনি মাহত ইৰান যুদ্ধৰ সৰ্বাধিক প্রভাৱ দেখিবলৈ পোৱা যাব। তেতিয়া উন্নয়নৰ হাৰ হ্রাস পাই ৬.৩% হ'ব। ইয়াৰ পাছত তিনি মাহত উন্নয়নৰ হাৰ বৃদ্ধি পাই ৬.৮% হ'ব। অৱশ্যে উন্নয়নৰ হাৰক সমর্থন জনোৱাৰ বাবে ৰেপো ৰেটৰ কোনো ধৰণৰ সালসলনি নকৰিলে কেন্দ্রীয় বেংকটোৱে। ফলত ৰেপো ৰেট ৫.২৫%তে স্থিৰ হৈ থাকে।
মালহোত্রাই কয় যে ইৰান যুদ্ধই ভাৰতীয় অর্থনীতিত যথেষ্ট চাপৰ সৃষ্টি কৰা দেখা পালেও সকলো সূচকে ভাৰতৰ অৰ্থনীতি সুস্থিৰ অৱস্থাত থকা বুলিয়েই দেখুৱাইছে। ব্যক্তিগত উপভোগ যথেষ্ট উন্নত হৈ আছে। ইয়াৰ লগতে সেৱা খণ্ডতো উন্নয়ন ক্ষিপ্র হৈছে আৰু কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ফলত কোম্পানীসমূহৰ পুনৰ গঠন হৈছে। সামগ্রিকভাৱে আৰ বি আইৰ মতে, অনাগত মাহকেইটাত পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধিয়ে মুদ্রাস্ফীতি অধিক বৃদ্ধি কৰিব। এনে অৱস্থাত চৰকাৰ, উদ্যোগ আৰু উপভোক্তা বর্ধিত মূল্যবৃদ্ধি আৰু বিশ্বত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে প্ৰস্তুত হৈ থকা উচিত বুলি কেন্দ্ৰীয় বেংকটোৱে সকীয়াই দিয়ে।