দেশৰ প্ৰথমখন হাইড্রজেনচালিত ৰে'ল চলাচলত অনুমোদন

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : দহটা দবাযুক্ত দেশৰ প্রথমখন হাইড্রজেনচালিত ৰে'লৰ চলাচলত বুধবাৰে ৰে'ল মন্ত্ৰ্যালয়ে অনুমোদন জনায়। হাৰিয়ানাৰ জিন্দ ছোনিপাট ৰে'লপথত হাইড্রজেনচালিত প্রথমখন ৰে'ল চলাচল কৰিব। দেশৰ ৰে'ল পৰিবহণ ব্যৱস্থা স্বচ্ছ আৰু বহনক্ষম কৰি তোলাৰ লক্ষ্যৰেই ৰে'ল মন্ত্ৰ্যালয়ে এই পদক্ষেপ লৈছে। 

ৰে'লখন ১,২০০ কিলোৱাট হাইড্রজেন ফুৱেল চেল প্ৰ'পালচন ব্যৱস্থাত চলিব। সম্পূর্ণ প্রদূষণহীন এই ব্যৱস্থাত প্রতি ঘণ্টাত সর্বোচ্চ ৭৫ কিল'মিটাৰ বেগত ৰে'লখন চলাব পাৰিব। পৰম্পৰাগত ৰে'ল ব্যৱস্থাৰ বিপৰীতে এই নতুন ৰে'লখনে হাইড্রজেন ইন্ধনৰ জৰিয়তে ঠাইতে বিদ্যুৎ উৎপাদন কৰিব পাৰিব। 

জিন্দত ইতিমধ্যে হাইড্রজেন ভঁৰাল আৰু ৰে'লত হাইড্রজেন ভৰাব পৰা ব্যৱস্থা গঢ়ি তোলা হৈছে। শীঘ্রেই জিন্দ ছোনিপাট পথত এই নতুন ৰে'ল সেৱা আৰম্ভ হ'ব।

Share This