ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়াম চৌহদত স্থাপন কৰা অসম ক্রিকেট সংগ্রহালয়টো শুভ উদ্বোধন কৰাৰ লগতে 'দ্য গ'ল্ডেন ইনিংছঃ লিগেচি অব্ আছাম ক্রিকেট' শীর্ষক এখন তথ্যচিত্র শুভ উন্মোচন কৰে।
উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ গৌৰৱোজ্জ্বল ইতিহাস, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু বিগত সময়ছোৱাৰ বিভিন্ন স্মৃতি সংৰক্ষণৰ বাবে সংগ্ৰহালয়টো স্থাপন কৰা হৈছে। এই সংগ্রহালয়টো হৈছে অসম ক্ৰিকেটৰ চহকী ইতিহাসৰ এক গৌৰৱময় চানেকি। স্বাধীনতাৰ পূৰ্বৰে পৰা আৰম্ভ কৰি বিগত সময়ছোৱাৰ অসম ক্ৰিকেটৰ পথিকৃতসকলৰ স্মৃতি ধৰি ৰখা এই সংগ্ৰহালয় স্বনামধন্য ক্রিকেটাৰসকলৰ প্ৰতি অসমবাসীৰ গভীৰ শ্ৰদ্ধাৰো প্রতীক। এই সংগ্ৰহালয়টোৱে উঠি অহা প্রজন্মক অসমত ক্ৰিকেটৰ দীঘলীয়া যাত্ৰাৰ বিভিন্ন দিশৰ সৈতে পৰিচিত কৰোৱাৰ লগতে তেওঁলোকক অনুপ্রাণিত কৰিব।
আনহাতে, বিগত সময়ছোৱাত অসমত ক্রিকেট খেল কেনেদৰে আগবাঢ়িছিল, প্রথিতযশা ক্রিকেটাৰসকলৰ অৱদান আৰু বিভিন্ন নিৰ্ণায়ক ঘটনাৰাজি সুন্দৰ আলোকচিত্ৰ আৰু বৰ্ণনাৰে সামৰি লোৱা তথ্যচিত্রখন হৈছে ১৯৪৮ চনত প্রতিষ্ঠা হোৱা এ চি এৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ এক অনন্য দলিল। তথ্যচিত্ৰখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। এই দুটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মুখ্যমন্ত্রী ড° শর্মাই অসম ক্রিকেট সন্থাৰ বিষয়ববীয়া আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়া, অসম ক্রিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগ গগৈ প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।