ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম মহান ফুটবলাৰ ক্রিষ্টিয়ানো ৰ'নাল্ডোক বিশ্বকাপত খেলা আৰু দেখিবলৈ পোৱা নাযাব। ৰ'নাল্ডোৰ অন্তিম বিশ্বকাপত অভিযানৰ এক পৰাজয়েৰে অন্ত পৰে। স্পেইনৰ হাতত প্রি-কোৱাৰ্টাৰ ফাইনেলত কালি ১-০ গ'লৰ ব্যৱধানত পৰাজয়ৰ লগে লগে ৪১ বছৰীয়া ৰ'নাল্ডোৰ এক দীঘলীয়া পৰিক্ৰমাৰো অন্ত পৰে। খেলৰ পাছত ৰ'নাল্ডোৰ মুখত হতাশাৰ চিন স্পষ্ট হৈ পৰে। সোমবাৰৰ খেলখনত ৰ'নাল্ডোৱে গ'ল দিয়াৰ সুযোগ পাইছিল, কিন্তু স্পেইনৰ গ'লবাৰৰ সন্মুখন প্ৰাচীৰৰ দৰে থিয় হৈ থকা গ'লকীপাৰ উনাই ছিমনে তেওঁক হতাশ কৰে। তেওঁ মৰা এটা শ্বটত গ'ল হোৱাটো নিশ্চিত আছিল, কিন্তু ছিমনে সুন্দৰভাৱে জঁপিয়াই দলক ৰক্ষা কৰে। জোৱাও ফেলিক্সৰ হেডৰ পাছত বল ছিমন কান্ধত লাগি ৰ'নাল্ডোৰ ওচৰ পায়গৈ। ৰ'নাল্ডোৰ বেক-হিল কিকত ছিমনে বল আয়ত্ত কৰি তেওঁক হতাশ কৰে। ফলত ৰ'নাল্ডোৱে তেওঁৰ বিশ্বকাপৰ অন্তিমখন মেচত এটাও গ'ল দিব নোৱাৰিলে। তেওঁ বিশ্বকাপত মুঠ ১১টা গ'ল দিয়ে।
ইফালে সোমবাৰৰ মেচখনত স্পেইনে এক অভিলেখৰ সৃষ্টি কৰে। দলটোৰ বিপক্ষে একেৰাহে ছখন মেচত এটাও গ'ল নহ'ল। বিশ্বকাপৰ ইতিহাসত ই এক অভিলেখ। ইফালে ছিমনে একেৰাহে ৬০৯ মিনিট বিশ্ব কাপত গ'ল নোহোৱাকৈ দলক বছাই আন এক অভিলেখৰ সৃষ্টি কৰে। ৰ'নাল্ডো বিশ্বকাপৰ গুৰুত্বপূৰ্ণ মেচত ব্যর্থ হৈ আন এটা অভিলেখৰ সৃষ্টি কৰে। তেওঁ ছয়খন বিশ্বকাপৰ নকআউট পৰ্যায়ৰ ১০খন মেচ খেলে, আৰু মাত্র এটাহে গ'ল দিবলৈ সক্ষম হয়। জীৱনৰ অন্তিমখন বিশ্বকাপৰ মেচৰ পাছত ৰ'নাল্ডো হতাশ হৈ পৰে আৰু তেওঁক আৱেগিক হৈ পৰাও দেখা পোৱা গৈছিল। কিন্তু তেওঁৰ দৰে খেলুৱৈৰ পৰা বিশ্বকাপত এনেধৰণৰ খেল ফুটবল অনুৰাগীসকলে আশা কৰা নাছিল। নিজৰ সুন্দৰ ফিটনেছ আৰু অনবদ্য খেলৰ বাবে বিখ্যাত ৰ'নাল্ডোৱে য'তেই খেলে তাতেই গ'ল দিয়ে, কিন্তু বিশ্বকাপৰ নক আউট পর্যায়ত তেওঁ তেনেধৰণৰ প্ৰদৰ্শন কৰাত ব্যর্থ হয়।
তেওঁ খেলৰ পাছত কয়, 'মই অতি দুখী। মই ঠিকেই আছোঁ, কিন্তু এনে অৱস্থাত বিশ্বকাপ এৰি যাবলৈ পাই মই মনত দুখ পাইছোঁ। অৱশ্যে, কালিয়েই মই স্পষ্ট কৰি দিছিলোঁ আৰু মই নিজৰ সৰ্বশ্রেষ্ঠখিনি উজাৰি দিলোঁ। এতিয়া মই শিৰনত কৰি বিদায় লৈছোঁ।' উল্লেখযোগ্য যে এই মেচখনত স্পেইনৰ মিকেল মেৰিনোৱে ইনজুৰি টাইমত দলৰ হৈ বিজয়সূচক গ'লটো দিয়ে।