অৰ্ণৱ'ৰ প্ৰভাৱত ওড়িশাত ৩জনৰ মৃত্যু, ৰাজস্থানত শিলাবৃষ্টি, অন্ধ্র প্রদেশত পুনৰ আহিব ঘূর্ণী বতাহ

Dainik Janambhumi November 01, 2026

ডিজিটেল ডেস্ক : ঘূর্ণী বতাহ 'অর্ণৱ'-এ অন্ধ্র প্রদেশ, ওড়িশাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত তাণ্ডৱ চলোৱাৰ পাছত আন এটা ঘূর্ণী বতাহ বংগোপ সাগৰত সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএম ডি) শনিবাৰে প্ৰকাশ কৰা মতে, অহা ২৪ ঘণ্টাৰ ভিতৰত আন এটা ঘূর্ণী বতাহ প্রবল হোৱাৰ আশংকা কৰা হৈছে। 

অহা ২ নৱেম্বৰৰ ভিতৰত অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলত এই ঘূর্ণী বতাহ প্ৰৱেশ কৰিব বুলি আই এম ডিয়ে প্রকাশ কৰিছে। দক্ষিণ আন্দামান সাগৰ আৰু উত্তৰ আন্দামান সাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ বংগোপসাগৰ আৰু কাষৰীয়া সামুদ্রিক এলেকাতো সৃষ্টি হৈছে আৰু সেইবাবেই পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত অন্ধৰ উপকূলীয় অঞ্চলত পুনৰ ঘূর্ণী বতাহ আহিব। 

আনহাতে, ঘূর্ণী বতাহ অৰ্ণৱৰ প্ৰভাৱত উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু বদ্রীনাথ ধামত প্রবল তুষাৰপাত অব্যাহত আছে। আনহাতে, ৰাজস্থানত শিলাবৃষ্টি হৈছে। শুকুৰবাৰে দেশৰ কেইবাখনো জিলাত তাপমাত্রা ৫ ডিগ্রী চেলছিয়াছ পর্যন্ত নিম্নগামী হয়। ওড়িশাত 'অৰ্ণৱ'ৰ প্ৰভাৱত প্ৰবল বৰষুণ হয় আৰু ঠায়ে ঠায়ে ভূমিস্খলন হয়। ভূমিস্খলনত ৩জন লোক নিহত হয় ৰাজ্যখনত।

Share This