নৃত্যশিল্পী কস্তুৰী কাশ্যপলৈ ৰাষ্ট্ৰীয় স্বীকৃতি, প্ৰচাৰ ভাৰতীৰ দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ বি গ্রেড মর্যাদা প্রদান

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়া নিৱাসী বিশিষ্ট সমাজকর্মী প্রভাত শইকীয়া আৰু মাতৃ জ্যোতিকা শইকীয়াৰ সুযোগ্যা কন্যা কস্তুৰী কাশ্যপক ভাৰত চৰকৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ প্ৰচাৰ ভাৰতীয়ে (দিল্লী দূৰদৰ্শন কেন্দ্ৰ) B High গ্ৰেডৰ শিল্পী হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্রদান কৰে। কস্তুৰী কাশ্যপৰ এই সাফল্যত আনন্দ প্রকাশ কৰে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে। 

কস্তৰী কাশ্যপ সৰুৰে পৰাই সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আহিছে। তেওঁ গুৱাহাটীৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত প্রথম বিভাগত স্নাতক ডিগ্ৰী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বিদ্যালয়ৰ পৰা সত্ৰীয়া নৃত্যত প্রথম বিভাগত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়। তেওঁ সংগীত নাটক অকাডেমিৰে সন্মানিত গুৰু গোবিন্দ শইকীয়া আৰু ৰামকৃষ্ণ তালুদাৰৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্রহণ কৰে। 

বৰ্তমান সময়ত তেওঁ সকলোৰে সন্মানিত পদ্মশ্রী বায়নাচার্য ঘনকান্ত বৰা বৰবায়নৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যৰ উচ্চশিক্ষা গ্ৰহণ কৰি আছে। অসম আৰু ভাৰতৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কস্তুৰী কাশ্যপে। বর্তমান তেওঁ গুৱাহাটীৰ দুখনকৈ আগশাৰীৰ ব্যক্তিগত নৃত্য বিদ্যালয়ত শিক্ষা প্রদান কৰি থকা কস্তুৰী কাশ্যপে নৃত্যৰ লগতে নিজৰ আনুষ্ঠানিক শিক্ষাত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছে।

Share This