ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতো অব্যাহত ভাৰতৰ উন্নয়ন, আমেৰিকাৰ তিনিটা ৰেটিং সংস্থাৰ প্ৰতিবেদনৰ তথ্য

dainik janambhumi September 24, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ উন্নয়নত বিধি-পথালি দিয়াৰ লক্ষ্যৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্কৰ হাৰ ৫০%লৈ বৃদ্ধি কৰাৰ লগতে ভিছাৰ মাচুল বৃহৎ হাৰত বৃদ্ধি কৰে, কিন্তু তেওঁৰ এই পদক্ষেপসমূহে দেশৰ উন্নয়নত বিশেষ প্রভাৱ নেপেলায়। এই কথা প্রকাশ পাইছে আমেৰিকাৰ ৰেটিং সংস্থাসমূহে প্রকাশ কৰা প্ৰতিবেদনৰ পৰা। উল্লেখযোগ্য যে যোৱা দুদিনত আমেৰিকাৰ তিনিটা আগশাৰীৰ ৰেটিং সংস্থাই ভাৰতৰ উন্নয়নৰ প্ৰতি আস্থা প্রকাশ কৰে। 

প্রথমে জেফৰিজ, তাৰ পাছত জে পি মর্গান আৰু শেহতীয়াকৈ বিশ্বৰ আগশাৰীৰ ৰেটিং এজেঞ্চি এছ এণ্ড পিয়ে চলিত বিত্তীয় বর্ষত ভাৰতীয় অর্থনীতি দ্রুতগতিত আগবাঢ়ি যাব বুলি প্রকাশ কৰে। এছ এণ্ড পি গ্ল'বেল ৰেটিংছে প্রকাশ কৰে যে চলিত বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) উন্নয়নৰ হাৰ ৬.৫% হ'ব। এছ এণ্ড পিৰ মতে ভাৰতত এইবছৰ কৃষিৰ অনুকূল বতৰ আৰু ঘৰুৱা চাহিদা বৃদ্ধি পোৱাৰ ফলত দেশখনৰ অৰ্থনীতি চলিত বিত্তীয় বৰ্ষত পুনৰ ৬.৫% হাৰত আগবাঢ়ি যাব। 

এছ এণ্ড পিৰ মতে ভাৰতীয় ৰিজার্ভ বেংকে চলিত বছৰত ৰেপো ৰেট পুনৰ ০.২৫% কৰ্তন কৰাৰ সম্ভাৱনা আছে, কিয়নো আৰ বি আয়ে চলিত বিত্তীয় বর্ষত নিজৰ মুদ্রাস্ফীতিৰ হাৰৰ পূৰ্বানুমান হ্রাস কৰি ৩.২% কৰে। উল্লেখযোগ্য যে জুনত অন্ত পৰা ত্রৈমাসিকত ভাৰতৰ উন্নয়নৰ হাৰ ৭.৮% আছিল। ইয়াৰ আগতে জেফৰিজ আৰু জে পি মর্গানেও ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰত একেধৰণৰ সম্ভাৱনা প্রকট কৰিছিল।

Share This