লোক সভা সমষ্টিৰ উপ-নির্বাচনক লৈ বদৰুদ্দিন আজমলৰ দাবী, নগাঁৱত বিজেপিৰ প্ৰাৰ্থী হ'ব দেৱব্ৰত শইকীয়া!

dainik janambhumi May 18, 2026

ডিজিটেল ডেস্ক: নাজিৰাৰ পৰা পৰাজিত অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়া আগন্তুক লোক সভাৰ উপ-নির্বাচনত নগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হ'ব। 

কালি এই দাবী কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে। তেওঁ কালি এখন সংবাদমেলত দাবী কৰে যে দেৱব্ৰত শইকীয়া এইবাৰ নিৰ্বাচনত পৰাস্ত হ'ল যেতিয়া বিজেপিত যোগ দিব। ইফালে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা নির্বাচনক লৈ শ'লঠেকত পৰা কংগ্রেছক তেওঁ কটাক্ষ কৰি কয় যে 'অব্ খেলকা মজা আয়েগা।' তেওঁ কয় যে এইবাৰ কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল। এতিয়া যদি বিধায়িনী দলৰ নেতাও মুছলমান বিধায়কক দিয়ে তেনেহ'লে বিষয়টোত সম্পূৰ্ণ ছীল মোহৰ লাগিব। তেওঁ এজন হিন্দু বিধায়কক বিধায়িনী দলৰ নেতা বাছনি কৰিবলৈ কংগ্ৰেছক পৰামৰ্শ দি আওপকীয়াকৈ ডাঃ জয়প্রকাশ দাসক নেতা বাছনি কৰিবলৈ কয়। 

ৰকিবুল হুছেইনে কংগ্রেছক মুছলিম লীগ বনাই দিয়া বুলি উল্লেখ কৰি আজমলে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ দলত্যাগ কৰাৰ এয়াই মুখ্য কাৰণ বুলি কয়। কংগ্ৰেছৰ আগতে যি ছেকুলাৰ চৰিত্ৰ আছিল সেয়া এতিয়া শেষ হৈ গ'ল। কংগ্ৰেছৰ ছেকুলাৰ চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে নতুন হ'লেও হিন্দু বিধায়কক নেতা বাছনি কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। ডাঃ জয়প্রকাশ দাসক বিধায়িনী দলৰ নেতা বাচনি কৰাৰ ক্ষেত্ৰত তেওঁৰ 'ৰিক'মেণ্ডেশ্যন' থাকিব বুলিও কয়। 

উমৈহতীয়া দেৱানী বিধি (ইউ চি চি)ৰ ক্ষেত্ৰত এ আই ইউ ডি এফৰ স্থিতি 'বিৰোধিতা' বুলিও তেওঁ পুনৰ স্পষ্ট কৰে। তেওঁ কয় যে সদনত দলটোৱে ইউ চি চিৰ বিৰোধিতা কৰি যাব। সদনত সংখ্যা যিয়েই নাথকক দলটোৱে যুঁজ দিব বুলি ঘোষণা কৰে। আনহাতে এইবাৰ বিন্নাকান্দি সমষ্টিৰপৰা বিধায়ক হৈ বিধানসভালৈ অহা বদৰুদ্দিন আজমলে হজলৈ যাবলগীয়া হোৱাৰ বাবে বিধায়ক হিচাপে শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব বুলিও তেওঁ কয়।

Share This