ডিজিটেল ডেস্ক : নগাঁও লোক সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া দেৱাশিস শর্মাই ১৬ ছেপ্টেম্বৰৰ দিনা নগাঁও সদৰত নিজৰ মনোনয়ন-পত্ৰ দাখিল কৰিব। নগাঁও আৰু মৰিগাঁও জিলাৰ প্ৰায় ৫০ হাজাৰ দলীয় কার্যকর্তা চহৰখনৰ ডচন হাইস্কুল খেলপথাৰত একত্ৰিত হৈ এক বিশাল শোভাযাত্ৰাৰে মনোনয়ন-পত্র দাখিল কৰিবৰ বাবে আয়ুক্ত কাৰ্যালয়লৈ যাব।
ৰাজ্যিক বিজেপিৰ সভাপতি সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা, জিলা দুখনৰ এন ডি এৰ আটাইকেইজন বিধায়ক তথা দলৰ অন্যান্য সকলো শীর্ষ নেতাই এই বিশাল শোভাযাত্রাত অংশগ্রহণ কৰিব। এই কার্যক্রম সাফল্যমণ্ডিত কৰিবৰ বাবে ইতিমধ্যে জিলা দুখনত ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ কৰা হৈছে। কালি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে এই কথা প্রকাশ কৰি কয় যে এনে এক গুৰুত্বপূৰ্ণ সময়ত ভাৰতীয় জনতা পার্টিয়ে পূর্ণ সাংগঠনিক শক্তিৰে নিৰ্বাচনী প্রস্তুতিত নামি পৰাৰ বিপৰীতে ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভিতৰ চ'ৰাৰ অন্তৰ্কন্দল আৰু লবীকেন্দ্ৰিক ৰাজনীতি পুনৰ এবাৰ ৰাজহুৱা হৈ পৰিছে।
ভাৰতীয় জনতা পাৰ্টিৰ প্রার্থী দেৱাশিস শর্মাই মনোনয়ন-পত্র দাখিলৰ বাবে প্রস্তুতি চলোৱাৰ সমান্তৰালভাৱে দলৰ বুথ, মণ্ডল আৰু মৰ্চা পর্যায়লৈকে ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ হৈছে। নগাঁও লোক সভা সমষ্টিৰ প্ৰতিটো প্রান্তত দলীয় কার্যকর্তাসকলে জনসম্পর্ক অভিযান আৰু নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ যুৱ মৰ্চা, মহিলা মর্চা, অনুসূচিত জাতি মর্চা, অনুসূচিত জনজাতি মর্চা, অ' বি চি মর্চা, সংখ্যালঘু মৰ্চা আৰু চাহ জনগোষ্ঠী মর্চাই নিজ নিজ সাংগঠনিক ক্ষেত্রত সক্রিয়ভাৱে কাম কৰি থকাৰ লগতে দলৰ প্ৰতিটো মৰ্চাই নিজৰ গণভিত্তি আৰু সাংগঠনিক শক্তিক নির্বাচনী যুঁজত ব্যৱহাৰ কৰি ৰাইজৰ কাষ চাপিছে বুলি তামুলীয়ে জানিবলৈ দিয়ে। অর্থাৎ, বিজেপিৰ নিৰ্বাচনী যুঁজ কেৱল প্রার্থীকেন্দ্ৰিক নহয়, বৰং দল, সংগঠন আৰু তৃণমূলৰ কাৰ্যকৰ্তাৰ ঐক্যবদ্ধ শক্তিৰ যুঁজ। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভিতৰৰ ৰাজনৈতিক সংকটৰ অন্ত পৰা নাই। কংগ্ৰেছৰ ভিতৰত আজিও লবীকেন্দ্ৰিক ৰাজনীতি, নেতৃত্বৰ মাজৰ অবিশ্বাস, গোটকেন্দ্রিক স্বাৰ্থ আৰু পৰস্পৰক ৰাজনৈতিকভাৱে প্রতিহত কৰাৰ প্ৰৱণতা স্পষ্ট হৈ আছে বুলি তামুলীয়ে কটাক্ষ কৰে।