ডিজিটেল ডেস্ক : ভাৰতৰ সামৰিক অস্ত্ৰ পৰীক্ষণ কাৰ্যসূচীলৈ আহিছে সু-খবৰ। পশ্চিম বংগৰ পূৰ্ব মেদিনীপুৰ জিলাত শীঘ্রেই স্থাপন হ'ব দেশৰ বিভিন্ন যুদ্ধাস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র। পূর্ব মেদিনীপুৰৰ জুনপুট উপকূলীয় গাঁৱত এই পৰীক্ষণ ক্ষেত্ৰ স্থাপনৰ যো-জা চলিছে।
দেশৰ প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ন সংস্থাই (ডি আৰ ডি অ') ওড়িশাৰ চণ্ডীপুৰত থকা ইয়াৰ সংহত পৰীক্ষণ ক্ষেত্ৰৰ পৰিপূৰক হিচাপে পূর্ব মেদিনীপুৰত এটা ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্ৰ স্থাপনৰ বাবে ২০২৪ চনৰ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক প্রস্তাৱ দিছিল। কিন্তু পূৰ্বৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰে পৰীক্ষণ ক্ষেত্ৰৰ বাবে ভূমি দান কৰা নাছিল।
পশ্চিম বংগত বিজেপি শাসনলৈ অহাৰ পাছত যোৱা শুকুৰবাৰে মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে এই পৰীক্ষণ ক্ষেত্ৰ স্থাপনত সেউজ সংকেট প্রদান কৰে। উল্লেখযোগ্য যে চণ্ডীপুৰৰ পৰীক্ষণ ক্ষেত্ৰ আৰু অন্ধ্রপ্রদেশৰ প্ৰস্তাৱিত পৰীক্ষণ ক্ষেত্ৰৰ পাছত এইটো হ'ব দেশৰ তৃতীয়টো বৃহৎ পৰীক্ষণ ক্ষেত্র।