ডিজিটেল ডেস্ক : বৰ্ষশ্রেষ্ঠ ফুটবলাৰৰ সন্মান পালে ফৰাচী তাৰকা ওছমানে ডেম্বেলে। স্পেইনৰ তৰণ ফুটবলাৰ লামিনে ইয়ামালক পাছত ৰাখি পি এছ জিৰ তাৰকা ডেম্বেলে লাভ কৰে বেল'ন ডি অ'ৰ বঁটা। সোমবাৰে বিশ্ব শ্রেষ্ঠ ফুটবলাৰৰ খিতাপ জয়ৰ পাছত ফ্ৰান্সৰ তাৰকাগৰাকীয়ে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ প্রথমে পৰিয়ালক ধন্যবাদ জনায়।
ইয়াৰ পাছত পূর্বসুৰী কাৰিম বেনজেমাক স্মৰণ কৰি ডেম্বেলে কয়, 'এইটোৱেই আচলতে মানুহৰ বেল'ন ডি অ'ৰ'। ইফালে, কনিষ্ঠতম হিচাপে এইবাৰৰ বেল'ন ডি অ'ৰ বঁটা জয়ৰ কাষ চাপিছিল ইয়ামালে। পিছে ট্রফী মাষ্টাৰষ্ট্ৰোকত ডেম্বেলেৰ হাতলৈ গ'ল বৰ্ষশ্রেষ্ঠৰ বঁটা। এইবাৰৰ খিতাপ দখলৰ দৌৰত ডেম্বেলেৰ পি এছ জিৰ সতীর্থ ভিটিনহাতো আছিল। পিছে ২৮ বছৰীয়া ডেম্বেলে সকলোকে অতিক্রম কৰি অৱশেষত বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। যোৱা ছিজনত ফৰাচী তাৰকাগৰাকীয়ে ত্রুটীহীন প্রদর্শন আগবঢ়াইছিল। পি এছ জিৰ চেম্পিয়নছ লীগ জয়ৰ অন্যতম কাণ্ডাৰী আছিল তেওঁ গ'ল দিয়া, দলৰ গ'লত সহযোগিতা কৰা, খেলৰ দিশ সলনি কৰা- ডেম্বেলে সকলো ভূমিকাতে সফল হৈছিল।
২০২২ চনত বেনজেমাৰ পাছত বৰ্ষশ্রেষ্ঠ ফুটবলাৰৰ সন্মান পোৱা দ্বিতীয়গৰাকী ফৰাচী খেলুৱৈত পৰিণত হয় ডেম্বেলে। ২০২৪-২৫ ছিজনত পি এছ জিৰ হৈ তেওঁ ৪টা খিতাপ জিকিছিল। চেম্পিয়নছ লীগৰ লগতে লীগ ৱান, ফৰাচী কাপ আৰু ফৰাচী ছুপাৰ কাপত শ্রেষ্ঠত্ব অর্জন কৰে পি এছ জিয়ে। ইফালে, মহিলাৰ শাখাত বেল'ন ডিঅ'ৰ বঁটা পায় স্পেইনৰ আইটানা বোন মাতিয়ে খিতাপৰ হেটত্রিক পূৰ কৰে। বার্চিলোনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে তেনেদৰেই খিতাপৰ হেটত্রিক পূৰ কৰে।