আজিৰ পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : তিনিদিনীয়া বর্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত আজিৰ পৰা উদযাপন কৰাহয় ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম ৰাজত্ব কালৰ পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত হৈ অহা ঢকুৱাখনাবাসীৰ স্বাভিমানস্বৰূপ তথা ৰাজ্যৰ সাংস্কৃতিক জগতৰ একক আৰু অনন্য লোক উৎসৱ ফাটবিহুক লৈ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে বিহুৰ স্থায়ী বাকৰি ম'হঘুলি চাপৰিত। ঢকুৱাখনাৰ আয়ুসৰেখাস্বৰূপ চিৰপ্ৰৱাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম'হঘুলি চাপৰিৰ ৩৮ বিঘা মাটিৰে পৰিৱেষ্টিত ফাটবিহু বাকৰিক সেয়ে সজাই-পৰাই তোলা হৈছে ন-ৰূপত। আয়োজক সমিতিৰ মতে, ফাটবিহুৰ কাৰ্যসূচীত দুই লক্ষাধিক লোকৰ সমাৱেশ হ'ব আৰু বিহুপ্রেমীক আদৰিবলৈ সাজু হৈছে সংস্কৃতিৱান ঢকুৱাখনীয়া ৰাইজ। ৮ মে' শুকুৰবাৰৰ পৰা ১০ মে' দেওবাৰলৈ তিনিদিনীয়া কাৰ্যসূচীত ম'হঘুলি চাপৰিত প্ৰদৰ্শিত হ'ব বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি। 

ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে। আলহী- অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা, বিভিন্ন থলুৱা খাদ্য সম্ভাৰ। এইবাৰ দুই শতাধিক বিহু দলে অংশগ্রহণ কৰিব ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত। কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে ফাটবিহু ২০২৬ বৰ্ষৰ তিনিদিনীয়া বর্ণিল কাৰ্যসূচীৰ পাতনি মেলে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তর্পণ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা ১১-৩০ বজাত মঞ্চ মুকলি কৰে প্রবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হ'ব লগা মহিলাসকলৰ টকা বিহু প্রতিযোগিতা উদ্বোধন কৰিব তেজপুৰৰ জ্যেষ্ঠ কৃতী বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ অনুষ্ঠিত হ'ব চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতী বিহুৱা জিতেন দত্তই। দ্বিতীয় দিনা অর্থাৎ ৯ মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব গামোচা প্রতিযোগিতা। গামোচা প্রতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদর্শ শিপিনী মৌচুমী শইকীয়া মহন্তই। ১১-৩০ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূতি উন্মোচন অনুষ্ঠান। ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই। 

আনহাতে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূর্তি উন্মোচন কৰে বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। দুপৰীয়ালৈ ফাটবিহুৰ মূল মঞ্চত অনুষ্ঠিত হ'ব পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড° পৱিত্ৰ কুমাৰ পেগুৱে। বিয়লি ১ বজাত ফাট বিহুৰ বছৰেকীয়া প্রকাশ 'বিহুৱান' উন্মোচন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিশেষ এই বৰ্ষৰ 'বিহুৱান' উন্মোচন কৰিব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। তৃতীয় তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব জনপ্রিয় কণ্ঠশিল্পী তথা অভিনেত্রী দীপলিনা ডেকাই। দুপৰীয়া ১২ বজাত ফাটবিহুৰ মুখ্য আকর্ষণ মুকলি বিহু প্রতিযোগিতা। শতাধিক বিহু দলে অংশগ্রহণ কৰিবলগীয়া মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতী বিহুৱা নিৰঞ্জন গগৈয়ে। বিয়লি ২ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব। লোক-সংস্কৃতিৰ গৱেষক ড° পুষ্প গগৈ নির্দিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্প দাস, অসম বিধানসভাৰ সচিব দুলাল পেণ্ড, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। এই একবিংশ শতিকাৰ চকু ছাট মৰা জাক-জমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটা দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজ-পাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ বিহুপ্রেমীক আহ্বান জনাইছে উদ্যাপন আৰু ফাটবিহু সমিতিয়ে।

Share This