আজিৰ সম্পাদকীয়, কিতাপ নে ডিজিটেল স্ক্রীন

dainik janambhumi September 07, 2026

ডিজিটেল ডেস্ক : শিক্ষা হৈছে মানৱ সভ্যতাৰ সবাতোকৈ শক্তিশালী হাথিয়াৰ। অৱশ্যে যুগে যুগে শিক্ষা প্ৰদানৰ মাধ্যম সলনি হৈ আহিছে- এসময়ৰ গুৰুগৃহত কেৱল শ্ৰৱণৰ যোগেদি গ্ৰহণ কৰা শিক্ষা পৰৱৰ্তী সময়ত সাঁচিপাতৰ পুথি, মুদ্রিত পুথিৰ মাজেৰে আহি বৰ্তমানৰ ডিজিটেল স্ক্রীন পাইছেহি। একবিংশ শতিকাত প্ৰযুক্তিৰ বিপ্লৱে শিক্ষাৰ ক্ষেত্ৰখনকো গভীৰভাৱে প্ৰভাৱ পেলাইছে। ফলত এক গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন হৈছে ভৱিষ্যতৰ শিক্ষা মুদ্রিত কিতাপৰ ওপৰত নে ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হ'ব? এটা দশকৰ আগমানলৈকে এনেকুৱা প্ৰশ্নৰ প্রায় সর্বসন্মত উত্তৰ আছিল যে অনাগত দিনৰ শিক্ষা ডিজিটেল স্ক্রীনৰ মাজতেই সীমাবদ্ধ থাকিব। এতিয়া কিন্তু কথাটো ইমান সহজ নহয়, ডিজিটেল স্ক্রীনৰ সীমাবদ্ধতাক লৈয়ো উত্থাপন হৈছে নানান প্রশ্ন, নানান শংকাৰ। অনেক শিক্ষাবিদৰ মত-শিক্ষা গ্রহণত হাতেৰে লিখা বা মুদ্রিত কিতাপ পঢ়াৰ যি ভূমিকা ডিজিটেল পদ্ধতি এতিয়াও তাৰ পূৰ্ণ বিকল্প হৈ উঠিব পৰা নাই। বৰঞ্চ গৱেষকসকলৰ দৃষ্টি পুনৰ কিতাপলৈ ঘূৰিহে আহিছে।

প্রসংগতে উল্লেখযোগ্য যে বিশ্বৰ শ্রেষ্ঠ শিক্ষা ব্যৱস্থাৰ বাবে জনাজাত ফিনলেণ্ডে সম্পূর্ণ ডিজিটেল মাধ্যম গ্রহণ নকৰি দুয়োটা মাধ্যমৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে। প্রাথমিক শ্রেণীত হাতেৰে লিখা আৰু ছপা কিতাপৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ওপৰৰ শ্ৰেণীত ডিজিটেল সঁজুলিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বঢ়াই আনিছে। সেই দেশৰ শিক্ষাবিদসকলৰ মতে, প্রযুক্তি এটা সহায়ক হাথিয়াৰহে, মুখ্য মাধ্যম নহয়। সেইদৰে জাপানতো জি আই জি এ স্কুল প্রকল্পৰ অধীনত প্রতিজন শিক্ষার্থীক এটাকৈ ডিভাইচ প্রদান কৰা হয়, কিন্তু কেলিগ্রাফী আৰু হাতে লিখাৰ শিক্ষাও বাধ্যতামূলক কৰি ৰাখিছে।

ইউৰোপৰ এখনৰ পাছত এখন দেশে ক্রমান্বয়ে মুদ্রিত কিতাপ পঢ়া আৰু হাতেৰে লিখাৰ অভ্যাস পুনৰ শ্ৰেণীকোঠালৈ ওভতাই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী 'নেচাৰ'ৰ এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাত প্রকাশিত এক প্রতিবেদন অনুসৰি, বিভিন্ন দেশৰ স্কুলত বহী-কলম, মুদ্রিত কিতাপ, হাতেৰে লিখাৰ চৰ্চা উভতি আহিছে। সাম্প্ৰতিক সময়ৰ স্নায়ুবিজ্ঞানৰ একাধিক গৱেষণাত কোৱা হৈছে হাতেৰে লিখা মানে কেৱল আখৰ লিখাৰ দক্ষতাই নহয়, লিখাৰ সময়ত আঙুলিৰ সঞ্চালন, হাত আৰু চকুৰ সমন্বয় আৰু ভাষা এটা বুজা আৰু প্ৰকাশ কৰা প্ৰক্ৰিয়াটোৰ সৈতে মগজুৰ সংযোগ সৃষ্টিৰে মস্তিষ্কৰ একাধিক স্নায়ু পথ একে সময়তে সক্রিয় হৈ পৰে। ফলত কিবা এটা শিকা কথাটো কেৱল তথ্য গ্ৰহণৰ প্ৰক্ৰিয়া নহৈ হৃদয়-মগজুত দকৈ সোমাই পৰা এক প্রক্রিয়া হৈ পৰে। সেয়ে হাতেৰে লিখা কথাটোৰ সৈতে শিশুৰ মগজুৰ বিকাশৰ প্ৰসংগ গুৰুত্বপূর্ণভাবে সংযোজিত। এনে প্রেক্ষাপটত ডিজিটেল মাধ্যমৰ প্ৰতি সংশয়ৰে লক্ষ্য কৰি অনেক শিক্ষাবিদে 'ডিপ বিডিং', 'ডিপ লার্নিং'ৰ কথা ক'বলৈ লৈছে। যি ইউৰোপে এসময়ত ক্লাছ ৰূমত টেবলেট, লেপটপ, স্মার্ট ব'র্ডকে আধুনিক শিক্ষাৰ ভৱিষ্যৎ বুলি ভাবিছিল আৰু এই দিশত ন ন বিকাশৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল, সেই ইউৰোপৰ অনেকেই এতিয়া ধীৰে ধীৰে উভতিছে ধ্রুপদী বহী-কিতাপৰ জগতলৈ। ফিনলেণ্ড, ছুইডেন, নৰৱে, ফ্রান্স, ডেনমার্ক আদিৰ দৰে ইউৰোপৰ বহু দেশে ধীৰে ধীৰে শ্ৰেণীকোঠাৰ অতিৰিক্ত ডিজিটেল নিৰ্ভৰতাৰ পৰা আঁতৰি আহিব খুজিছে। এই প্রত্যাৱৰ্তন কোনো কাৰণতেই কোনো নষ্টালজিক আৱেগিক যাত্রা নহয়, বৰঞ্চ ই স্নায়ুবিজ্ঞান, মনোবিজ্ঞান আৰু শিক্ষা বিজ্ঞানৰ গৱেষণালব্ধ ফচল।

এনেকুৱা সময়ত কিন্তু ভাৰতবৰ্ষত ডিজিটেল ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ অধীনত ডিজিটেল শিক্ষাক ব্যাপকভাৱে উৎসাহিত কৰা হৈছে। শিক্ষা সম্পর্কীয় বিভিন্ন প'ৰ্টেল, প্লেটফৰ্মৰ উপৰি বিভিন্ন ৰাজ্যৰ ই-পাঠশালাৰ দৰে উদ্যোগে গ্রাম্য অঞ্চললৈকো ডিজিটেল শিক্ষা পোৱাই দিছেগৈ। এনেকুৱা সময়ত আমি অধিক ডিজিটেল মাধ্যমমুখী হ'ম নে শিক্ষাৰ ধ্রুপদী মাধ্যমলৈ উভতি যাম, সেয়া এক জটিল বিষয়। এনে সন্ধিক্ষণত কেৱল আমাৰ দেশেই নহয়, বহু দেশৰ শিক্ষা ব্যৱস্থাই এইবোৰ কথা ফঁহিয়াই চাবলৈ বাধ্য হৈছে। এনে ক্ষেত্রত বিশ্বৰ বহু উন্নত শিক্ষা ব্যৱস্থাই 'সংমিশ্রিত শিক্ষা' পদ্ধতি গ্রহণ কৰিছে, য'ত মুদ্রিত কিতাপ আৰু ডিজিটেল মাধ্যম দুয়োটাৰে সুবিধা লোৱা হ'ব। উদাহৰণস্বৰূপে ছিংগাপুৰৰ শিক্ষা মন্ত্ৰ্যালয়ে শৈশৱত হাতে লিখা আৰু মুদ্রিত কিতাপ-পত্ৰৰ ওপৰত গুৰুত্ব দি ওপৰৰ শ্ৰেণীত প্রকল্পভিত্তিক ডিজিটেল শিক্ষণলৈ ক্রমান্বয়ে আগুৱাই নিছে।

দৰাচলতে কিতাপ আৰু ডিজিটেল মাধ্যম কোনোটো সম্পূর্ণৰূপে এটা আনটোৰ বিৰোধী নহয়, নহয় প্রতিদ্বন্দ্বীও। বিশ্বৰ বিভিন্ন শিক্ষা ব্যৱস্থাই এই দুয়োটা মাধ্যমক পৰিপূৰকৰূপে ব্যৱহাৰ কৰিছে। প্ৰকৃততে মাধ্যম যিয়েই নহওক, শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ'ল জ্ঞান আৰু চৰিত্ৰ গঠন-প্রকৃত মানুহ হোৱাটোহে। এই উদ্দেশ্যতহে সকলোৱে মনোনিৱেশ কৰা উচিত।

Share This