'কা'ৰ কৃপাত ভাৰতীয় হ'ল শিলচৰৰ মহিলা, বিদেশী ঘোষিত হৈ দুবছৰ জে'লত থকা দীপালী দাসক নাগৰিকত্ব 

dainik janambhumi March 08, 2026

ডিজিটেল ডেস্ক: মহিলাগৰাকীৰ নাম দীপালী দাস। বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশ মর্মে শিলচৰৰ ডিটেনশ্যন কেম্পত দুবছৰ কটাইছিল তেওঁ। কিন্তু এই মহিলাগৰাকীয়েই অৱশেষত নাগৰিকত্ব (সংশোধনী) আইন (CAA)ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে। 

'বিদেশী' বুলি ঘোষণা হোৱা আৰু ডিটেনশ্যন কেম্পত থকাৰ পাছত এনেদৰে দীপালী দাসক ভাৰতীয় নাগৰিকত্ব প্রদান কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ৬০ বছৰৰ পূৰ্বে বাংলাদেশৰ ছিলেটত জন্মগ্রহণ কৰা দীপালী দাসে বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত অব্যাহত থকা নিৰ্যাতনৰ বাবে ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহত অসমলৈ আহি শিলচৰৰ ধলাই অঞ্চলৰ হাৱাইথাঙত বাস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁক বিদেশী ন্যায়াধিকৰণে 'বিদেশী' বুলি চিনাক্ত কৰি ডিটেনশ্যন কেম্পত থাকিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কৰ'না কালত তেওঁক উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ অনুসৰি ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিয়া হয়। ইয়াৰ পাছত কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ পৰা অহা হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ দিহা থকা নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলৱৎ কৰাত দীপালী দাসে ধৰ্মানন্দ দেৱ নামৰ এজন অধিবক্তাৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰে। এইক্ষেত্ৰত দাসক সহায় কৰে সমাজকর্মী কমল চক্ৰৱৰ্তীয়ে। সেই অনুসৰি দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত দীপালী দাসে নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হৈছে। অধিবক্তা ধর্মানন্দ দেৱে প্ৰকাশ কৰা মতে, মহিলাগৰাকী ১৯৮৮ চনত ধর্মীয় নির্যাতনৰ বলি হৈ বাংলাদেশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল। যিহেতু ধর্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত ভাৰতত প্ৰৱেশ কৰা লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ বাবে আইন প্রণয়ন কৰা হৈছে সেই আইন মতেই তেওঁ নাগৰিকত্ব লাভ কৰিছে। 

পূৰ্বতে বাংলাদেশৰ ছিলেট অঞ্চলত বাস কৰা মহিলাগৰাকীয়ে ২০১৪ চনৰ আগতে ভাৰতত প্ৰৱেশ কৰা নথিৰ লগতে তেওঁৰ ধৰ্মৰো প্ৰমাণ আদালতত দাখিল কৰিছিল। সেই সকলো নথি সঠিক প্রমাণ হোৱাৰ পাছতহে তেওঁক ভাৰতীয় নাগৰিক বুলি ৰায়দান দিয়া হৈছে। দাসৰ হাতত থকা সকলো নথি (ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি) বৈধ বুলি প্রমাণিত হৈছে বুলিও কয় অধিবক্তাগৰাকীয়ে।

Share This