বিশ্বৰ ভিতৰত আটাইতকৈ দ নদীখনৰ নাম জানেনে?

Kakali Deka August 19, 2023

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতে প্ৰায় ডেৰ লাখ নদী আছে৷ এই নদীবোৰ বিভিন্ন সভ্যতাৰ উৎপত্তি আৰু ধবংস হোৱাৰ সাক্ষী হৈ আছে৷ পৃথিৱীৰ পাৰিপাশ্বিৰ্ক অৱস্থা বহু পৰিমাণে এই নদীবোৰৰ ওপৰতে নিৰ্ভৰ কৰে৷ এই কথাও ঠিক যে প্ৰতিখন নদীৰে জৈৱ- বৈচিত্ৰ্যও সুকীয়া-সুকীয়া৷ কিন্তু এই ডেৰ লাখ নদীৰ ভিতৰত ভাৰতত প্ৰায় দুশখন নদী আছে৷ ইয়াৰ ভিতৰত আটাইতকৈ দ নদীখন হ’ল ব্ৰহ্মপুত্ৰ৷ ব্ৰহ্মপুত্ৰৰ গড় গভীৰতা হ’ল ১২৪ ফুট৷ কিন্তু বিশ্বৰ ভিতৰত আটাইতকৈ দ নদীখনৰ নাম  জানেনে? বিশ্বৰ আটাইতকৈ গভীৰ তথা দ নদীখন হ’ল কংগো৷ আফ্ৰিকাৰ  প্ৰধান প্ৰধান নদীবোৰৰ ভিতৰত কংগোও অন্যতম৷ এই নদীখনক জায়েৰ নদী বুলিও কোৱা হয়৷ আফ্ৰিকাৰ আটাইতকৈ দীঘল নদীৰ তালিকাত এই নৈখন দ্বিতীয় স্থানত আছে৷ আনহাতে, আটাইতকৈ বেছি পানী বোৱা নৈৰ তালিকাত এই নৈখন তৃতীয় স্থানত আছে৷ কংগো নদীৰ নামেৰেই আফ্ৰিকাৰ এখন দেশৰ নাম গণতান্ত্ৰিক গণৰাজ্য কংগো ৰখা হৈছে৷ কংগো নদীৰ গড় গভীৰতা ৭৫০ ফুট৷ ইয়াত তিনিটা কুটুবমিনাৰ সহজে বুৰ যাব পাৰে৷ উল্লেখযোগ্য যে কুটুব মিনাৰৰ উচ্ছতা হ’ল ২৪০ ফুট৷  প্ৰায় চ্ছ্ৰ,৭০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই নদীখনক তাঞ্জানিয়ান হ্ৰদ আৰু মোৱেৰু   হ্ৰদ বুলি কোৱা হয়৷ ই লুৱালাবা নৈত পৰিছে৷ পাছত বয়’মা জলপ্ৰপাতৰ পাছত কংগো নৈ বুলি কোৱা হয়৷ এই নদীখন জলবিদু্যৎ শক্তিৰ মূল উৎস বুলিও কোৱা হয়৷ ইয়াৰ ওপৰত প্ৰায় ৪০টা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে৷ এই নৈখনৰ জৰিয়তে মধ্য আফ্ৰিকাত বাণিজ্যও হয়৷ 

Share This