জানেনে বিশ্বৰ আটাইতকৈ বিষাক্ত মাছ বিধ কি?

Jyoti Borah August 29, 2023

ডিজিটেল ডেস্কঃ বিশ্বত সাগৰৰ খাদ্য খাই ভাল পোৱা লোকৰ অভাৱ নাই৷ বহুতো লোকে বিভিন্ন প্ৰকাৰৰ সাগৰীয় মাছ, কেঁকোৰা, শামুক আদি খাই ভাল পায়৷ সাগৰত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়৷ তাৰ ভিতৰত এটা প্ৰজাতিৰ মাছ আছে, যি আটাইতকৈ বিষাক্ত৷ এই মাছবিধক আনকি স্পৰ্শ কৰিলেও মানুহৰ মৃত্যু হ’ব পাৰে৷ এই মাছবিধক বিশ্বৰ আটাইতকৈ বিষাক্ত মাছ বুলি কোৱা হয়৷ 

 

এই মাছবিধৰ নাম হ’ল ষ্টন ফিছ (শিল মাছ)৷ ইয়াৰ আকাৰ শিলৰ দৰে কাৰণে ষ্টন ফিছ বুলি কোৱা হয়৷ এই মাছবিধক স্পৰ্শ কৰিলেই মৃত্যু হ’ব পাৰে৷ নিজৰ শৰীৰত থকা এই বিষৰ জৰিয়তে মাছবিধে শত্ৰুৰ পৰা আত্মৰক্ষা কৰে৷ এই মাছবিধ মকৰৰেখাৰ কাষৰ সাগৰত সাধাৰণতে দেখা পোৱা যায়৷ সাধাৰণ অৱস্থাত এই মাছবিধক দেখা পোৱ নাযায় আৰু সেয়েহে ইয়াক স্পৰ্শ কৰাৰ লগে লগে মানুহৰ মৃত্যু হয়৷ 


কোনো জীৱই এই মাছটো স্পৰ্শ কৰাৰ লগে লগে ইয়াৰ শৰীৰৰ পৰা নিউৰ’টক্সিন বাহিৰ হয়৷ এই বিষেই মৃত্যুৰ কাৰণ হ’ব পাৰে৷ বিশেষজ্ঞৰ মতে মানুহৰ শৰীৰৰ কোনো এটা অংশ এই মাছবিধৰ সংস্পৰ্শলৈ আহিলে প্ৰাণ ৰক্ষাৰ কৰাৰ একমাত্ৰ উপায়টো হ’ল সেই অংশটো কাটি পেলোৱা৷
 

Share This