মহিলা সকলে নাৰিকল কিয় ভাগিব নালাগে জানেনে ? চাওক এই প্ৰতিবেদন

Jyoti Borah September 08, 2023

ডিজিটেল ডেস্কঃ আমাৰ দেশ সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰাত বিশ্বাসী দেশ। এই দেশৰ কোনো হিন্দু পূজা নাৰিকল অবিহনে সম্পূৰ্ণ নহয়। প্ৰায়ে দেখা যায় যে যিকোনো ধৰণৰ শুভ কাম, পূজাত নাৰিকল নিশ্চয় ভঙা হয়। নাৰিকলক ঈশ্বৰৰ ৰূপ বুলি গণ্য কৰা হয়। সেইবাবেই পূজাৰ সময়ত নাৰিকল নিশ্চয়কৈ আগবঢ়োৱা হয়। নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়।
ধৰ্মীয় গ্ৰন্থ অনুসৰি যেতিয়া সমুদ্ৰ মন্থন হৈছিল, তেতিয়া ভগৱান বিষ্ণুৱে নাৰিকল লগত লৈ পৃথিৱীলৈ আহিছিল। তেতিয়াৰ পৰা ইয়াক অত্যন্ত শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। আপুনি  লক্ষ্য কৰিছে নে প্ৰতিটো পূজাৰ পাঠৰ সময়ত কেৱল পুৰুষেহে কিয় নাৰিকল ভাঙে ? নাৰীয়ে কিয় নাৰিকল নাভাঙে? ইয়াৰ আঁৰৰ বিশ্বাস কি জানো আহক
পৌৰাণিক কাহিনী অনুসৰি ভগৱান বিষ্ণু পৃথিৱীলৈ আহোঁতে স্বৰ্গৰ পৰা তিনিটা বস্তু লগত লৈ আহিছিল। প্ৰথম মাতা লক্ষ্মী, দ্বিতীয় কামধেনু গৰু আৰু তৃতীয় নাৰিকল গছ। নাৰিকল ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াত ব্ৰহ্ম, বিষ্ণু, মহেশ ত্ৰিত্ব বাস কৰে। নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়। শ্ৰী মানে লক্ষ্মী, গতিকে মা লক্ষ্মীৰ বাবে নাৰিকল অতি প্ৰিয়। দেৱতাসকলক এই ফল আগবঢ়াই দিলে ধনৰ কোনো সমস্যা নহয়।
নাৰিকলক বীজৰ ৰূপ হিচাপে গণ্য কৰা হৈছে। সনাতন ধৰ্মত বীজটো ভ্ৰূণৰ লগত সংযুক্ত হোৱা দেখা যায়। ভগৱানে নাৰীক সন্তান জন্ম দিয়াৰ বৰদান দিছে। এগৰাকী নাৰীয়ে নিজৰ সন্তানক যিদৰে অতিশয় ভাল পায়, জানি বা অজানিতে কোনেও তেঁওৰ ক্ষতি কৰিব নোৱাৰে। ঠিক একেদৰেই এগৰাকী মহিলাই ইয়াক গুটিৰ ৰূপত ভাগিন নোৱাৰে। মহিলাৰ বাবে নাৰিকল ভাঙিলে শিশুৰ ক্ষতি হোৱা বুলি গণ্য কৰা হয়। এই কাৰণেই মহিলাসকলক নাৰিকল ভাঙিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।
বিশ্বাস অনুসৰি নাৰিকলৰ দ্বাৰা শৰীৰৰ দুৰ্বলতা দূৰ হয় আৰু দেৱ-দেৱীক নাৰিকল অৰ্পণ কৰিলে ধনৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হয়। যিকোনো ধৰণৰ শুভ কাম, পূজা ইত্যাদিত নাৰিকল ভগৱানক অৰ্পণ কৰা হয়। ইয়াৰ আঁৰৰ যুক্তি হ’ল নাৰিকলৰ ভিতৰৰ পানী অতি পবিত্ৰ। আমি নাৰিকল ভাঙিলে তাৰ পানী চাৰিওফালে সিঁচৰতি হৈ যায়। যাৰ বাবে সকলো ঋণাত্মক শক্তিৰ অন্ত পৰে আৰু ধনাত্মক শক্তিৰ আগমন ঘটে।ইয়াৰ উপৰিও বিশেষ কামনা পূৰণৰ বাবে মন্দিৰতো নাৰিকল ভাঙি দিয়া হয়।
 

Share This